ত্ৰিপুৰাৰ বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ অভিযানত অসম ৰাইফলছৰ মহিলা বাহিনী - Tripura Flood 2024

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 10:12 PM IST

thumbnail
ত্ৰিপুৰাৰ বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ অভিযানত অসম ৰাইফলছৰ মহিলা বাহিনী (ETV Bharat Assam)

তেজপুৰ, ২২ আগষ্ট: ত্ৰিপুৰাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনত বানে ভয়ানক ৰূপ ধাৰণ কৰিছে । বানাক্ৰান্ত অঞ্চলত আৱদ্ধ লোকৰ উদ্ধাৰ কাৰ্যত ৰাজ্যখনত সেনাবাহিনী নিয়োজিত কৰা হৈছে ৷ এই উদ্ধাৰ কাৰ্যত পুৰুষ ৰাইফলছৰ সমান্তৰালভাৱে অসম ৰাইফলছৰ মহিলা বাহিনীও নিয়োজিত হৈছে ।

এক উল্লেখনীয় দায়িত্ববোধ আৰু পাৰদৰ্শিতা প্ৰদৰ্শনৰে অসম ৰাইফলছৰ মহিলাসকলে ত্ৰিপুৰাৰ প্ৰলয়ংকাৰী বানত দুৰ্গতসকলক উদ্ধাৰৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিছে ৷ ৰাজ্যখনৰ বিশালগড়, ছেপাহিজিলাত ৰাইফলছ মহিলাসকলে বানত আৱদ্ধ লোকক উদ্ধাৰ কৰাৰ লগতে বান শিবিৰলৈ প্ৰয়োজনীয় সামগ্ৰীও যোগান ধৰিছে ৷

অসম ৰাইফলছে আজি ৰাজ্যখনৰ মুঠ ৭৫০ জন লোকক উদ্ধাৰ কৰাৰ লগতে চিকিৎসা তথা প্ৰয়োজনীয় সেৱা আগবঢ়াইছে ৷ অসম ৰাইফলছে এই সময়ত অসামৰিক প্ৰশাসন আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি এই অভিযান চলাই যোৱা বুলি গুৱাহাটীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এক বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বাঢ়নী পানীয়ে উটুৱাই নিলে বিবাহ যাত্ৰীৰ বাহন, 9 জনৰ মৃত্যু - PUNJAB FLOOD

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.