ETV Bharat / technology

নৱবৰ্ষৰ পূৰ্বে হোৱাটচএপত উপলব্ধ হ’ল এনিমেচনকে ধৰি বহু আকৰ্ষণীয় বৈশিষ্ট্য - WHATSAPP NEW CALLING EFFECTS

নতুন বছৰৰ পূৰ্বে মেছেজিং আৰু কলিং অভিজ্ঞতা উন্নত কৰাৰ বাবে WhatsApp-এ প্ৰৱৰ্তন নতুন বৈশিষ্ট্য । বিস্তৃত প্ৰতিবেদনযোগে জানক এই বৈশিষ্ট্যৰ বিষয়ে ---

before-the-new-year-whatsapp-introduced-fun-calling-effects-animations-and-stickers
নৱবৰ্ষৰ পূৰ্বে হোৱাটচএপত উপলব্ধ হ’ল এনিমেচনকে ধৰি বহু আকৰ্ষণীয় বৈশিষ্ট্য (WhatsApp)
author img

By ETV Bharat Tech Team

Published : 2 hours ago

হায়দৰাবাদ: বৃহস্পতিবাৰে জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপে ঘোষণা কৰে যে নতুন বছৰৰ পূৰ্বে ব্যৱহাৰকাৰীৰ টেক্সটিং আৰু কলিঙৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে আকৰ্ষণীয় নতুন ফিচাৰ মুকলি কৰিছে । যদিও এই বৈশিষ্ট্যসমূহ সীমিত সময়ৰ বাবে, তথাপিও হোৱাটছএপ ব্যৱহাৰকাৰীয়ে ভিডিঅ’ কলৰ সময়ত নতুন বছৰৰ থিমৰ সৈতে নতুন কলিং ইফেক্ট ব্যৱহাৰ কৰিব পাৰে ।

ইয়াৰ উপৰিও জনপ্ৰিয় মেচেজিং এপটোৱে নতুন বছৰৰ পৰিৱেশৰ লগত মিলাবলৈ নতুন এনিমেচন আৰু ষ্টীকাৰ পেক প্ৰৱৰ্তন কৰিছে । মন কৰিবলগীয়া যে মেটা প্লেটফৰ্মৰ মালিকানাধীন আন এটা এপ ইনষ্টাগ্ৰামে শেহতীয়াকৈ 2024 ক’লাজ নামৰ এটা সীমিত সময়ৰ বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে ।

বৈশিষ্ট্যবোৰ

হোৱাটছএপে জাৰি কৰা এক বিবৃতি অনুসৰি এতিয়া বৰদিন আৰু নৱবৰ্ষৰ সময়ত ব্যৱহাৰকাৰীয়ে ভিডিঅ’ কল কৰিব পাৰিব আৰু এই সময়ত উৎসৱৰ সৈতে জড়িত বিভিন্ন ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰিব । ইয়াৰ উপৰিও নতুন নতুন এনিমেটেড ৰিয়েকচনৰো প্ৰৱৰ্তন কৰা হৈছে । যেতিয়া কোনোবাই নিৰ্বাচিত দলৰ ইমোজি ব্যৱহাৰ কৰি বাৰ্তাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তেতিয়া প্ৰেৰক আৰু গ্ৰহণকাৰী উভয়ৰে বাবে এটা কনফেটি এনিমেচন ওলাব ।

ইয়াৰ উপৰিও ইনষ্টেণ্ট মেছেজিং এপটোত নতুন ষ্টীকাৰো প্ৰৱৰ্তন কৰা হৈছে । প্লেটফৰ্মটোৱে নৱবৰ্ষৰ পূৰ্বে (এন ৱাই ই) কিউৰেট কৰা ষ্টীকাৰ পেক প্ৰৱৰ্তন কৰিছে, লগতে নৱবৰ্ষৰ থিমৰ সৈতে মিল থকা অৱতাৰ ষ্টীকাৰো মুকলি কৰিছে ।

উল্লেখ্য যে, যোৱা কেইটামান সপ্তাহত হোৱাটছএপত সংযোজন কৰা আন আন ফিচাৰত এই বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে । যোৱা সপ্তাহত কোম্পানীটোৱে ভিডিঅ’ কলৰ বাবে অধিক ইফেক্ট প্ৰৱৰ্তন কৰিছিল, য’ত আছিল কুকুৰ পোৱালিৰ কাণ, পানীৰ লগতে কাৰাওকে মাইক্ৰ’ফোন । ব্যৱহাৰকাৰীয়ে এতিয়া মুঠ 10টা ইফেক্টৰ পৰা নিজৰ পছন্দৰটো নিৰ্বাচন কৰিব পাৰিব । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে এতিয়া সমগ্ৰ চেটটোত বাধা নিদিয়াকৈ গ্ৰুপ কলৰ বাবে নিৰ্দিষ্ট অংশগ্ৰহণকাৰী নিৰ্বাচন কৰিব পাৰিব ।

লগতে পঢ়ক: এতিয়া হোৱাটছএপতো উপলব্ধ ChatGPT

বৰ্ধিত চাইবাৰ অপৰাধত উদ্বেগ প্ৰকাশ কেন্দ্ৰৰ ! নিষিদ্ধ কৰিলে কেবাহাজাৰৰো অধিক হোৱাটছএপ একাউণ্ট

হোৱাটছএপত সংযুক্ত হ’ল নতুন আকৰ্ষণীয় বৈশিষ্ট্য - জানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.