যোৰহাট লোকসভা সমষ্টিৰ ফলাফলক লৈ চিন্তিত নহয় মন্ত্ৰী যোগেন মহন - LOK SABHA ELECTION RESULTS 2024

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:56 PM IST

thumbnail
মঙলবাৰৰ দিনটোত দৃষ্টি নিৱদ্ধ ৰাজ্যবাসীৰ (Etv Bharat Assam)

মৰাণ, 3 জুন : মাজত মাথো কেইটামান ঘণ্টা বাকী ৷ তাৰ পিচতে সকলো পৰিস্ফুট হ’ব ৷ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাক লৈ উৎকণ্ঠাৰে বাট চাইছে ৰাজনৈতিক দলসমূহে ৷ পিছে কোনে মাৰিব শেষ হাঁহি, কাৰ হ’ব স্বপ্নভংগ, সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব মঙলবাৰলৈ ৷ এগজিট প’লৰ সমীক্ষাত প্ৰকাশ কৰাৰ দৰে অসমতো বিজেপি মিত্ৰজোঁটে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি দাবী কৰি আহিছে গেৰুৱা দলটোৰ নেতা-পালিনেতাসকলে ৷

তাৰ মাজতে নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীগৰাকীয়ে সৰ্বানন্দ সোণোৱাল আৰু তপন কুমাৰ গগৈৰ বিজয় নিশ্চিত বুলি দাবী কৰাৰ লগতে যোৰহাটৰ ফলাফলক লৈ চিন্তিত নহয় বুলিও সদৰী কৰে ৷ বিপৰীতে প্ৰায় এক লাখ ভোটৰ ব্যৱধানত যোৰহাটৰ পৰা সাংসদ হিচাপে তপন কুমাৰ গগৈ নিৰ্বাচিত হ’ব বুলি মন্ত্ৰী মহনে দাবী কৰে ৷ এইবেলি বিজেপিয়ে সৰ্বভাৰতীয় পৰ্যায়ত 400+ আসন পোৱাৰ লগতে অসমত 12 খন আসন দখল কৰিব বুলি সংবাদ মাধ্যমৰ আগত তেওঁ দাবী কৰে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.