thumbnail

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 1:37 PM IST

ETV Bharat / Videos

সুগন্ধি কেতেকীয়ে বিলাইছে ব’হাগৰ বতৰা - Ketaki flower

তেজপুৰ, ৮ এপ্ৰিল : ফাগুণৰ ধূলি আচ্ছাদন ফালি আকৌ আহিবলৈ ধৰিছে ৰঙীন ব’হাগ ৷ ফাগুনে শুকান কৰা ধৰণীত এতিয়া জীপাল কেঁচা মাটিৰ গোন্ধত জকমকাই ঠন ধৰি উঠিছে গছ বিড়িখ । বাৰীৰ ঢাপত ফুলিছে মন মতলীয়া কৰা কেতেকী ফুলো ৷ এই ফুলৰ সুৱাসে বিলাইছে ৰঙালী বিহুটিৰ আগমনৰ বতৰা ৷

তেজপুৰৰ মোৱামাৰীত এতিয়া ফুলিছে  কেতেকী ৷ ক্ৰমান্বয়ে দুষ্প্ৰাপ্য হৈ পৰা এই বনৰীয়া ফুলপাহিৰ সুগন্ধই আমোলমোল কৰিছে মোৱামাৰীৰ এক বৃহৎ অঞ্চল ৷ এখন কেতেকী ফুলেৰে ভৰা বাৰীয়ে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া বহুজনৰ ৷ বিভিন্ন ঔষধী গুণৰে সমৃদ্ধ কাঁইটিয়া গছজোপাত ওলমি ৰৈ কেতেকী ফুলে অঞ্চলটোত সুগন্ধি বিয়পাইছে ৷

স্থানীয় ৰাইজে পূৰ্বপুৰুষৰ দিনৰ পৰাই এই স্থানত সংৰক্ষণ কৰি ৰাখিছে ভালেকেজোপা কেতেকী ফুলৰ গছ ৷ অসমীয়াৰ চেনেহৰ ব’হাগ বিহুৰ সৈতে নীবিড় সম্পৰ্ক আছে এই কেতেকী ফুলৰ ৷ অসমত পূৰ্বে যথেষ্ট পৰিমাণে পোৱা গৈছিল এইবিধ বিশেষ ফুল ৷ তেজপুৰতো পূৰ্বে যথেষ্ট পৰিমাণে পোৱা গৈছিল এই ফুলবিধ ৷ কিন্তু সম্প্ৰতি ক্ৰমান্বয়ে দুষ্প্ৰাপ্য হৈ পৰিছে এই সুগন্ধি ফুল বিধ ৷

লগতে পঢ়ক : কেতেকীৰ সুগন্ধই আমোলমোলাইছে বিহপুৰীয়াৰ বদতি জামুগুৰি - Keteki flower

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.