অভিলেখ সৃষ্টি কৰি গৃহসমষ্টিত উপস্থিত ৰকিবুল হুছেইন - LOK SABHA ELECTION RESULTS 2024

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 10:59 PM IST

thumbnail
অভিলেখ সৃষ্টি কৰি গৃহ সমষ্টিত উপস্থিত ৰকিবুল হুছেইন (ETV Bharat Assam)

চামগুৰি,৬ জুন: ধুবুৰী লোকসভা সমষ্টিৰ পৰা বৃহৎ জয়লাভ কৰাৰ পিচত বৃহস্পতিবাৰে চামগুৰিত উপস্থিত হয় ৰকিবুল হুছেইন । বৃহৎ জয়ৰ পিচত চামগুৰিত উপস্থিত হৈ মূখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ৰকিবুল হুছেইনৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি তেওঁ কয়, "মুখ্যমন্ত্ৰী হতাশ হৈছে । ডিব্ৰুগড়ত বিজেপিৰ জয়ক লৈ যিমান আনন্দিত হৈছে, ধুবুৰীত বদৰুদ্দিনৰ পৰাজয়ত সিমান হতাশ হৈছে ।"  

উল্লেখ্য যে ধুবুৰীৰ কোন চাৰিটা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীয়ে জয় কৰালে তাক স্পষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই ৰকিবুল হুছেইনে । লগতে গৌৰৱ গগৈ জয়যুক্ত হোৱা বিধানসভা সমষ্টিসমূহত কোন মানুহ আছে বুলিও প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীক । ৰাইজে মুখ্যমন্ত্ৰীক কিয় বেয়া পাইছে সেই কথা অনুধাৱন কৰি মুখ্যমন্ত্ৰীক ক্ষমা বিচাৰিবলৈ আহ্বান জনাই নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে । তাৰোপৰি উপ-নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈহে চিন্তা-চৰ্চা কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৰকিবুল হুছেইনে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.