ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডব : বঙাইগাঁৱত কৃষকৰ হাহাকাৰ - Rain And Hailstorm In Assam - RAIN AND HAILSTORM IN ASSAM
🎬 Watch Now: Feature Video


Published : Apr 1, 2024, 5:41 PM IST
মাণিকপুৰ, 1 এপ্ৰিল : প্ৰচণ্ড ধুমুহাৰ ফলত ৰাজ্যৰ ভিন্ন স্থানত বৃহৎ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ দেওবাৰে নিশাৰ ভাগত অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাকো প্ৰভাৱিত কৰে ৷ ধুমুহা আৰু শিলাবৃষ্টিয়ে জিলাখনৰ ভিন্ন স্থানৰ কৃষকসকলৰ ব্যাপক ক্ষতি কৰে ৷
শিলাবৃষ্টিৰ ফলত জিলাখনত শাক-পাচলি খেতিৰ যথেষ্ট ক্ষতিসাধন হয় ৷ বিশেষকৈ জিকা, ভোল, জলকীয়া, বেঙেনা, কবি, গাজৰ, মূলাকে বিভিন্ন খেতি নষ্ট হয় ৷ লগতে মাকৈ খেতিৰো যথেষ্ট ক্ষতিসাধন কৰে ধুমুহা আৰু শিলাবৃষ্টিয়ে ৷ কোনো ধৰণৰ চৰকাৰী সাহাৰ্য অবিহনে কপালৰ ঘাম মাটিত পেলাই কৰা ফচল নষ্ট হোৱাত এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে ৷ ইফালে শিলাবৃষ্টিত সাধাৰণ লোকৰ বাসগৃহৰো বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : ৰাজ্যজুৰি ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ ; গড়ভাঙা বনাঞ্চলত আৱদ্ধ পৰ্যটক - Rain And Hailstorm In Assam