নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ১৩০ বেগ বাৰ্মিজ চুপাৰি জব্দ - Burmese Supari Seized At Bongaigaon

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:57 PM IST

thumbnail
নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ১৩০ বেগ বাৰ্মিজ চুপাৰি জব্দ (Etv Bharat Assam)

বঙাইগাঁও, ২২ জুন: নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত শনিবাৰে ৰে’ল আৰক্ষীয়ে অভিযান চলাই নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা প্ৰায় ১৩০ বেগ বাৰ্মিজ চুপাৰি জব্দ কৰে । জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় কোটি টকাৰো অধিক বুলি জানিব পৰা হৈছে । ডিমাপুৰৰ পৰা হাওৰালৈকে ৰে’লযোগে পঠোৱা হৈছিল চুপাৰিখিনি ৷ কিন্তু ৰে’ল আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰ ভিত্তিত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত অভিযান চলাই চুপাৰিখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

ৰে’ল আৰক্ষীয়ে সম্প্ৰতি চুপাৰিখিনি জব্দ কৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তত এতিয়া পুনৰ সক্ৰিয় হৈ উঠিছে বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট চক্ৰ । ৰে’লপথেৰে অতি সুকলমে তেওঁলোকে নিত্য পাৰ কৰাই বাৰ্মিজ চুপাৰি ৷ এইক্ষেত্ৰত বিভিন্ন সময়ত প্ৰশাসনৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে । ইয়াৰ আঁৰত সঁচাকৈ জড়িত আছে নেকি চৰকাৰী বিষয়া ! সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে ওলাব বুলি আশা কৰিব পাৰি ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.