হিন্দুৰ সুৰক্ষা বিচাৰিছে যদি ৬ নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰক : ৰাইজৰ দল - Himanta Biswa Sarma on Muslim

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:44 PM IST

thumbnail
ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন (ETV Bharat Assam)

গুৱাহাটী, ১৭ জুলাই : অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত কৰা সাম্প্ৰদায়িক মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে । ঝাৰখণ্ডত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰি গুৱাহাটীত বৃহস্পতিবাৰে এক সংবাদমেলযোগে ৰাছেল হুছেইনে কয় যে মুখ্যমন্ত্ৰীয়ে এনে মন্তব্যৰে অসমক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হেয় প্ৰতিপন্ন কৰিলে ।

ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে অসমত ৪০ শতাংশ মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱা বুলি কৈ প্ৰকৃততে শংকৰ-আজানৰ দেশক মুখ্যমন্ত্ৰীয়ে ভাগ-ভাগ কৰিবলৈ বিচাৰিছে । সেয়ে মুখ্যমন্ত্ৰীৰ এনে বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকিব লাগে মুছলমানসকল ।

তেওঁ কয়, ‘‘ মুখ্যমন্ত্ৰীগৰাকী মুছলমানতকৈয়ো হিন্দুৰহে বেছি শত্ৰু । যদি মুখ্যমন্ত্ৰীগৰাকী হিন্দুৰ শত্ৰু নহয়, তেনেহ’লে NRC কাৰ্যকৰী কৰি দেখুওৱাক । মুখ্যমন্ত্ৰীয়ে যদি হিন্দুৰ সুৰক্ষা বিচাৰিছে, ৬ নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰক । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ ধৰণে বিদেশী যদি অসমত আছে, কিয় খেদাৰ বাবে ব্যৱস্থা কৰা নাই ? বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক হিন্দুৰ শত্ৰু আখ্যা দিয়ে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে  ৷

লগতে পঢ়ক : মুছলমানৰ সংখ্যা বৃদ্ধি জীৱন-মৰণৰ বিষয় : হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.