বৰমাত আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ - BAKSA RAAS MAHOTSAV

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 4:23 PM IST

বাক্সা: বাক্সা জিলাৰ বৰমাত আজিৰে পৰা ২১ নবেম্বৰলৈ আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক বৰমা বৃহত্তৰ ৰাস মহোৎসৱ । বৰমাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া ২১খনকৈ গাঁৱৰ ৰাইজৰ সহযোগত এইবাৰ ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে । ১৫২টা মৃন্ময় মূৰ্তি, মীনা বজাৰ, ভাওনা, বিভিন্ন লোককৃষ্টি, ভ্ৰাম্যমাণ নাট্যদলৰ লগতে বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব ৰাস মহোৎসৱত ।

নিতৌ সহস্ৰাধিক ভক্তৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে উদযাপন সমিতিয়ে । শুকুৰবাৰে পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অমৃত শৰ্মাই ৷ ইয়াৰ পিছতেই মূলদ্বাৰ মুকলি কৰে অতিৰিক্ত আয়ুক্ত জিতু কুমাৰ বৰ্মনে । আনহাতে, মূল মঞ্চ মুকলি কৰে পৰিষদীয় সমষ্টিৰ প্ৰাক্তন ই এম অনসুমৈ শুংগুৰ বড়োৱে । মন্দিৰৰ মুখ্যদ্বাৰ মুকলি  কৰে সুমিত ৰাভাই ।

লগতে পঢ়ক:আজিৰ পৰা আৰম্ভ মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ

ৰাসলীলা: মাজুলীত এজাক শিশুৰ প্ৰাণোচ্ছল ব্যস্ততা, ধেমাজিত কংস-দৈৱকীৰ আখৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.