লকআপত যুৱকৰ ৰহস্যজনক মৃত্যু: ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ - Dhanjit Moran Mysterious Death

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 9:18 PM IST

thumbnail
কাকপথাৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ (ETV BHARAT ASSAM)

তিনিচুকীয়া, 10 জুন : তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ সমীপতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ ৷ দেওবাৰে কাকপথাৰৰ টঙনা আৰক্ষী থানাৰ লক আপত আটকাধীন এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এই প্ৰতিবাদ ৷ এই ঘটনাক লৈ বৰ্তমানো অব্যাহত আছে উত্তেজনা ৷

আৰক্ষীৰ ভাষ্য অনুসৰি যুৱকজনে লকআপৰ ভিতৰতে আত্মহত্যা কৰে ৷ ইয়াৰ পিচতেই অব্যাহত আছে ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদৰ জৰিয়তে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ টঙনা গাঁওবাসী শতাধিক মহিলা, পুৰুষ আৰু মৰাণ ছাত্ৰ সন্থাৰ সদস্যসকলে পথ অৱৰোধ কৰে ৷ প্ৰতিবাদৰ ফলত আবদ্ধ হৈ পৰে অৰুণাচল অভিমুখী বহু বাহন, স্তব্ধ হৈ পৰে কাকপথাৰ ৷

ইফালে এই ঘটনাৰ পিচতেই তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নিলম্বন কৰা হৈছে টঙনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খগেন বৰা আৰু কনিষ্টবল চিত্ৰৰঞ্জন বৰুৱাক ৷ 

লগতে পঢ়ক : আজিও পোহৰলৈ নাহিল ধনজিতৰ মৃত্যুৰ ৰহস্য, পথ অৱৰোধ কৰি স্থানীয় লোকৰ উত্তাল প্ৰতিবাদ - Dhanjit Moran Mysterious Death

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.