সত্ৰ নগৰীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপনৰ দাবীত ৰাজহুৱা সভা - Meeting in Barpeta Satra
🎬 Watch Now: Feature Video
Published : Feb 25, 2024, 8:25 PM IST
বৰপেটা, ২৫ ফেব্ৰুৱাৰীঃ সত্ৰ নগৰী বৰপেটাত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপনৰ দাবীত আজি অনুষ্ঠিত হয় এখন সভা ৷ বৰপেটা সত্ৰৰ চৌহদত এই দাবী উত্থাপন কৰি এখন সভা অনুষ্ঠিত কৰে বৰপেটাৰ ৰাইজে । বৰপেটা সত্ৰৰ পৃষ্ঠপোষকতাত গুৰু দুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া সংস্কৃতি তথা নামনি অসমৰ লোক সংস্কৃতি আৰু পৰম্পৰাক সংৰক্ষণ আৰু সম্প্ৰসাৰণক মুখ্য আধাৰ হিচাপে লৈ বৰপেটাত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰি চৰকাৰক অবগত কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ আহ্বানত এখন সাধাৰণ সভা অনুষ্ঠিত হয় বৰপেটা সত্ৰৰ চৌহদত । সভাখনত ডেকা সত্ৰীয়া গৌতম পাঠক কয় ," শতাব্দী প্ৰাচীন চহৰ বৰপেটা সত্ৰীয়া সংস্কৃতিত তেনেই এটি চিনাকি নাম ৷ " সত্ৰ নগৰী বৰপেটা মহাপুৰুষ দুজনা গুৰুৰ কৰ্মভূমি বুলি উল্লেখ কৰি ডেকা সত্ৰীয়া গৰাকীয়ে কয়, "গুৰু দুজনাই অসমক যি কৃষ্টি সংস্কৃতি দি থৈ গৈছে, তাৰ বেছিভাগ বৰপেটাৰ পৰাই সম্প্ৰসাৰিত হৈ আছে ৷ এনে প্ৰেক্ষাপটত বৰপেটাত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপনৰ খুবেই প্ৰয়োজনীয়তা আছে ৷ "
এই সভাখনত বৰপেটা সত্ৰক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয় দাবী সমিতি গঠন কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিক ভিত্তি হিচাপে লৈ বিশ্ববিদ্যালয়ৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবেও আলোচনা কৰা হয় ৷
লগতে পঢ়ক:গোৱালপাৰাত বৰশী বোৱা প্ৰতিযোগিতাৰ বিজয়ীয়ে লাভ কৰিব বিলাসী বাহন