ৰে’লৱে লেভেল ক্ৰ’ছিঙত গেট নিৰ্মাণৰ দাবীত উত্তাল টংলা - Public protest in Tangla

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 1:34 PM IST

thumbnail
ৰে’লৱে লেভেল ক্ৰ’ছিঙত গেট নিৰ্মাণৰ দাবী (ETV BHARAT ASSAM)

ওদালগুৰি, ৩ জুলাই: ওদালগুৰি জিলাৰ বৃহত্তৰ টংলা অঞ্চলৰ পুখুৰীপাৰ গাঁও আৰু টংলা কলেজ সংযোগী লোক নিৰ্মাণ বিভাগৰ গ্ৰাম্য পথটোত ৰে’লৱে লেভেল ক্ৰ’ছিঙত গেট নিৰ্মাণৰ দাবীত বুধবাৰে ৰাইজ পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে ৷ এই পথটোৰে ৪-৫ খন গাঁৱৰ শতাধিক ৰাইজ তথা ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে । এই গাঁওকেইখনৰ ৰাইজৰ একমাত্ৰ পথটোত থকা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ৰঙিয়া-ৰাঙাপাৰা ৰে’ল পথৰ লেভেল ক্ৰ’ছিঙৰ বাবে ৰাইজে যাতায়াতত দুৰ্ভোগ ভুগি আহিছে ৷  

এই লেভেল ক্ৰ’ছিঙত ৰে’লৱে গেট নথকাত টংলা নগৰলৈ অহা-যোৱা কৰা আৰু টংলা মহাবিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদজনকভাৱে যাতায়াত অব্যাহত ৰাখিছে ৷ ৰে’ল ক্ৰ’ছিঙত পকী খুঁটি পুতি যাতায়াত বন্ধ কৰি দিয়া বাবে ৰাইজে এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীৰ যান-বাহনৰ জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে ৷ ভুক্তভোগী ৰাইজে এই ৰে’লৱে ক্ৰ’ছিঙত স্থায়ী গেট স্থাপনৰ বাবে দাবী জনাই বহু আবেদন-নিবেদন কৰিছে যদিও বৰ্তমানলৈ সমস্যা সমাধান নোহোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.