বিধ্বস্ত পথ মেৰামতিৰ দাবীত শিলচৰত অৱৰোধ - Dilapidated road Silchar

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 7:53 PM IST

thumbnail
শিলচৰ চহৰত বিধ্বস্ত পথ (ETV BHARAT ASSAM)

শিলচৰ, ২৯ জুন: বিধ্বস্ত পথ মেৰামতিৰ দাবীত শনিবাৰে ক্ষুব্ধ ৰাইজে শিলচৰ চহৰত অৱৰোধ কৰিলে পথ । শিলচৰ মেডিকেল ৰোডৰ নেশ্য়নেল হাইৱে পইন্টত ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে গ্ৰহণ কৰিলে এই অৱৰোধ কাৰ্যসূচী । পুৱা ১১ বজাৰ পৰা পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । পথ অৱৰোধৰ ফলত স্তব্ধ হৈ পৰে শিলচৰ চহৰ ৷  

উল্লেখ্য় যে দীৰ্ঘদিনৰ পৰা শিলচৰ চহৰৰ প্ৰতিটো পথেই বিধ্বস্ত অৱস্থাত আছে । এই পথৰ বাবে ৰাইজে নিতৌ যমৰ যাতনা ভুগিবলগীয়া হৈছে । ৰাজপথত পুখুৰী সদৃশ প্ৰকাণ্ড গাত হোৱা বাবে প্ৰতিদিনেই সংঘটিত হৈছে দুৰ্ঘটনা ৷ বিশেষকৈ চহৰৰ শিলচৰ মেডিকেল ৰোডৰ বিধ্বস্ত ৰূপৰ বাবে ৰাইজৰ লগতে ৰোগীয়ে বিভিন্ন সমস্য়াৰ সম্মুখীন হৈ আহিছে । এই পথটোত যান-জঁটৰ বাবে ৰাইজে দীৰ্ঘসময় ধৰি অপেক্ষা কৰিবলগীয়া হোৱাত বাধ্য় হৈ আজি পথৰ মেৰামতিৰ দাবীত এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শীঘ্ৰেই পথ মেৰামতিৰ কাম আৰম্ভ নহ'লে আন্দোলনৰ হুংকাৰ দিয়ে ক্ষুব্ধ ৰাইজে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.