সামাজিক মাধ্যমত যুৱকৰ ভাবুকি; বগৰীবাৰী থানাত উত্তপ্ত পৰিস্থিতি - Anti Muslim remarks

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 8:02 PM IST

thumbnail
সামাজিক মাধ্যমত যুৱকৰ ভাবুকি;বগৰীবাৰী থানাত উত্তপ্ত পৰিস্থিতি (ETV Bharat)

ধুবুৰী,২৩ জুন : সামাজিক মাধ্যমত এজন যুৱকে ইছলামধৰ্মী লোকক ভাবুকি প্ৰদান কৰাৰ পিচতে উত্তপ্ত পৰিস্থিতি ধুবুৰীৰ বগৰীবাৰীত । একাংশ উত্তেজিত লোকে ঘেৰাও কৰিলে বগৰীবাৰী থানা । অঞ্চলটোৰ এজন যুৱকে সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰিছে আৰু ভিডিঅ'টোত যুৱকজনে ইছলাম ধৰ্মৰ লগতে মুছলমান সমাজক লক্ষ্য কৰি লোৱা দেখা গৈছে । যুৱকজনে মুছলমান সম্পৰ্কে বিভিন্ন ধৰণৰ আপত্তিজনক মন্তব্য কৰা দেখা গৈছে ।

ইয়াৰ পিচতে একাংশ লোকে বগৰীবাৰী থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু যুৱকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় । বহু সময় ধৰি চলা এই প্ৰতিবাদৰ অন্তত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনাটো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে । তাৰ পিচতে পৰিস্থিতি শান্ত হয় । ইফালে শীঘ্ৰে যদি এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে প্ৰতিবাদকাৰীসকলে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক: জাহাংগীৰৰ পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ দাবী : বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ - Dhakuakhana murder case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.