আৰক্ষীৰে হতাহতিত আঘাতপ্ৰাপ্ত মহিলা প্ৰতিবাদকাৰী : তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ সভাৰ পূৰ্বে উত্তপ্ত পৰিস্থিতি - Protest in Tinsukia

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 9:15 PM IST

thumbnail
তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ সভাৰ পূৰ্বে উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ : ড৹ ভূপেন হাজৰিকা সেতুৰ লাইট উদ্বোধন কৰিবলৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা  উপস্থিত হোৱাৰ পূৰ্বে তিনিচুকীয়া জিলাৰ ডাঙৰীত ৰূপায়ণ কৰা হ’ল প্ৰতিবাদী কাৰ্যসূচী ৷ নাৰী মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সাব্যস্ত কৰা হয় প্ৰতিবাদ ।

স্মাৰ্টমিটাৰ বন্ধ কৰা আৰু মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীত সংগঠনকেইটাই প্ৰতিবাদ সাব্যস্ত কৰে । আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াৰ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলক গৃহবন্দী কৰাৰ লগতে কেবাগৰাকীও ছাত্ৰনেতাক আটক কৰে আৰক্ষীয়ে ৷

এগৰাকী মহিলাই অভিযোগ কৰে, ‘‘মুখ্যমন্ত্ৰীক দৰ্খাস্ত দিবলৈ আহিছিলো ৷ কিন্তু প্ৰশাসনৰ লোকে আমাক আঁজুৰি চাদৰ ফালি দিছে, চেণ্ডেল চিঙি দিছে ৷ ভৰিতো আঘাত পাইছো ৷ এনেকুৱা কৰিব নালাগিছিল ৷’’

লগতে পঢ়ক : শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ প্ৰতিবাদত উত্তাল চচলৰ প্ৰতিবাদস্থলী

লখিমপুৰত এফালে কেবিনেট বৈঠক আনফালে উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.