বাংলাদেশত হিন্দুৰ সুৰক্ষাৰ দাবীত নগাঁৱত সমদল ভাৰত সেৱা আশ্ৰম সংঘৰ - BANGLADESH VIOLENCE

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 6:02 PM IST

thumbnail
বাংলাদেশত হিন্দু লোকৰ ওপৰত চলা অত্য়াচাৰৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

নগাঁও, ১৭ আগষ্ট: বাংলাদেশত হিন্দু লোকৰ ওপৰত চলা অত্য়াচাৰ তথা হত্যাৰ বিৰুদ্ধে শনিবাৰে নগাঁৱত হিন্দু সমাজে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্য্যসূচী । ভাৰত সেৱা আশ্ৰম সংঘৰ উদ্যোগত আৰু নগাঁও হিন্দু মিলন মন্দিৰৰ সহযোগত হিন্দুসকলৰ সুৰক্ষাৰ দাবীত নগাঁও চহৰত উলিওৱা হয় এক প্ৰতিবাদী সমদল ।

'হিন্দু নৰহত্যা বন্ধ কৰক','হিন্দুৰ ওপৰত অত্যাচাৰ নচলিব' আদি শ্লোগান লিখা প্লে কাৰ্ড হাতে হাতে লৈ এক বিশাল প্ৰতিবাদী সমদল উলিয়াই বিক্ষোভ প্ৰদৰ্শন কৰে নগাঁৱৰ হিন্দু সমাজে । বিশ্বৰ যিকোনো প্ৰান্ততেই হিন্দুসকলক সুৰক্ষা প্ৰদানৰ দাবীও উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।  

ইপিনে, 'বাংলাদেশত হিন্দু নিধন নচলিব', 'হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক' আদি শ্লোগানেৰে উত্তাল কৰি তোলে নগাঁও চহৰৰ মাজেৰে উলিওৱা প্ৰতিবাদী সমদলটোৱে । লগতে হিন্দুসকলে মূৰ্তি পূজা কৰাটোৱেই দোষ নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ভাৰত সেৱা আশ্ৰম সংঘৰ নেতাই ।

লগতে পঢ়ক:হনুমান চালিশা পাঠেৰে বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ - Bangladesh Crisis

হিন্দু বাংলাদেশীক কৰা আক্ৰমণৰ বিৰুদ্ধে লণ্ডনৰ সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ - BANGLADESH VIOLENCE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.