কলাইগাঁও-ওদালগুৰি পথে খুৱাইছে জ্বলা-ক’লা : লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ - Kalaigaon Udalguri Road
🎬 Watch Now: Feature Video
Published : Aug 24, 2024, 3:56 PM IST
ওদালগুৰি, ২৪ আগষ্ট : লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিল কলাইগাঁও ৷ কলাইগাঁও-ওদালগুৰি সদৰ সংযোগী পথৰ দুৰৱস্থাই দীৰ্ঘদিনধৰি অঞ্চলবাসীক জীয়াতু ভুগাই অহাৰ পিচত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজৰ সহযোগত কলাইগাঁও আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে ৷
কলাইগাঁও-ওদালগুৰি সংযোগী বিধস্ত পথছোৱা পুনৰ নিৰ্মাণৰ দাবীৰে উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উল্লেখ্য যে বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত উক্ত পথছোৱা বিধস্ত হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে পথচাৰীসকলে ৷ যাৰ ফলত শনিবাৰে কলাইগাঁৱৰ দমৰাপোটাত কলাইগাঁও আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিষয়টো চৰকাৰ তথা জনপ্ৰতিনীধিৰ দৃষ্টিগোচৰ কৰোৱাৰ চেষ্টা কৰে ৷
প্ৰতিবাদকাৰীসকলে কয়, ‘‘বিয়াগোম লোকনিৰ্মাণ বিভাগৰ কোনো কাণসাৰ নাই, তেওঁলোক বেলেগ কামত ব্যস্ত হৈ আছে ৷ ইয়াত দুগৰাকী জনপ্ৰতিনিধি আছে, এগৰাকী বি টি চিৰ আৰু আনগৰাকী বিধানসভাৰ ৷ দুগৰাকীকৈ জনপ্ৰতিনিধি থকাৰ পিচতো সদৰলৈ যোৱা পথছোৱা অতি দুৰৱস্থা হৈ আছে ৷ এটা পথ নিৰ্মাণ কৰিব নোৱৰা এখন চৰকাৰ থাকি লাভ নাই ৷’’
লগতে পঢ়ক : জুলাই-আগষ্টত পথ মেৰামতি কৰিলে ঠিকাদাৰহে ধনী হ’ব : মুখ্যমন্ত্ৰী ড৹ শৰ্মা