thumbnail

কৃত্ৰিম বানত ব্যাহত মহানগৰবাসীৰ জীৱন : ৰাজপথলৈ ওলাই আহিল আবাল-বৃদ্ধ-বণিতা - Protest in Guwahati

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 3:45 PM IST

গুৱাহাটী, 10 জুলাই: গুৱাহাটীৰ কৃত্ৰিম বানে জুৰুলা কৰিছে মহানগৰবাসীক ৷ যাৰ বাবে আবাল-বৃদ্ধ-বণিতা ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে তথাকথিত স্মাৰ্টচিটীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ৷ বুধবাৰে গুৱাহাটী মহানগৰীৰ ৰুক্মিণীগাওঁৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ ৷ ৰুক্মিণীগাঁৱৰ স্থানীয় ৰাইজৰ উদ্যোগত উলিওৱা প্ৰতিবাদী সমদলটোত হাতে হাতে প্লে’ কাৰ্ড লৈ ৰাইজে ‘PWD হায় হায়,’ ‘মডেল ৱাৰ্ডৰ সপোন হায় হায়,’ ‘ভুৱা প্ৰতিশ্ৰুতি বাদ দিয়ক’, ‘আমাক কৃত্ৰিম বানপানীৰ ক্ষতিপূৰণ দিয়ক,’ ’অসম চৰকাৰ হায় হায়’ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

এই প্ৰতিবাদী মিছিলত এগৰাকী বৃদ্ধই ক্ষোভ উজাৰি সমগ্ৰ জীৱনতেই এনে পৰিস্থিতিৰ তেওঁ মুখামুখি হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে কৰে ৷ শীঘ্ৰে এই কৃত্ৰিম বানৰ সমস্যাৰ সমাধান দাবী কৰি বৃদ্ধগৰাকীয়ে কয়,"নদীখন নাখান্দি নলাবোৰ বনোৱাৰ ফলত ৰুক্মিণীগাঁৱৰ আজি এই অৱস্থা ৷ ঘৰৰ ভিতৰতেই ইমান পানী যে আমি কি খাম, ক’ত থাকিম ভাবি নিৰুপায় হৈ পৰিছো ৷ খোৱা-লোৱাৰ কথা ভবা বাদেই দিছো আমাৰ ভৰি থ’বলৈ ঠাই অকণ নোহোৱা হৈছে ঘৰৰ ভিতৰত ৷ পানী সিঁচি সিঁচি আমি ভাগৰি পৰিছো...৷"

লগতে পঢ়ক: মহানগৰীৰ কৃত্ৰিম বানগ্ৰস্ত বিভিন্ন স্থান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ - Ashok Singhal Visited Flash Floods

GMC development: প্ৰতিশ্ৰুতি মতে গুৱাহাটীৰ উন্নয়ন সাধনত ব্যৰ্থ বিজেপি !

সাৰে আছেনে চৰকাৰ-প্ৰশাসন ? আৰু কিমানজন অবিনাশক হেৰুৱাব লাগিব ? - DRAINAGE SYSTEM OF GUWAHATI

জটিল হৈয়ে আছে কৃত্ৰিম বানৰ সমস্যা : ধোঁৱাচাঙত মিছন ফ্লাড ফ্রী গুৱাহাটী - Guwahati Artificial flood

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.