ৰাজহ চক্ৰ কাৰ্যালয় স্থানান্তৰৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ - AMGURI REVENUE CIRCLE
🎬 Watch Now: Feature Video
Published : Oct 28, 2024, 8:06 PM IST
আমগুৰি: আমগুৰি জিলা ৰাজহ চক্ৰ কাৰ্যালয় স্থানান্তৰৰ বিৰুদ্ধে আজি আমগুৰিবাসী ৰাইজে আমগুৰিৰ বহুকেইটা জাতীয় দল-সংগঠনৰ সহযোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । আমগুৰি নগৰৰ সকলো ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, আমগুৰি সমষ্টি বিলুপ্তকৰণৰ পাছত আমগুৰিৰ পৰা স্থানান্তৰ কৰা হৈছে এটা-এটাকৈ চৰকাৰী কাৰ্যালয় । যাৰ বাবে ক্ষোভত ফাটি পৰিছে আমগুৰিৰ ৰাইজ ।
আমগুৰিৰ পাব্লিক হলত প্ৰতিবাদী ৰাইজে অনুষ্ঠিত কৰে নাগৰিক সভাৰ । ইয়াৰ পাছত আমগুৰি পাব্লিক হলৰ পৰা বাহিৰ হোৱা বিশাল ৰেলীয়ে আমগুৰি নগৰ চাৰিআলিত অৱস্থান গ্ৰহণ কৰি চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
প্ৰতিবাদী ৰাইজে আমগুৰিৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয় স্থানান্তৰ কৰিবলৈ দিয়া নহ’ব, আমগুৰিবাসী ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম সফল হওঁক শ্লোগানেৰে আমগুৰি নগৰ উত্তাল কৰি তোলে ৷ শীঘ্ৰেই আমগুৰি চক্ৰ বিষয়াৰ কাৰ্যালয় স্থানান্তৰকৰণৰ সিদ্ধান্ত বাতিল নকৰিলে চৰকাৰ তথা প্ৰশাসনক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ সন্মুখীন হোৱাৰ বাবে সাজু থাকিবলৈ সকীয়নি দিয়ে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক: জানুৱাৰীলৈকে কোনো ৰাজহ চক্ৰ কাৰ্যালয় বন্ধ নহয়: যোগেন মহন