চালকক হত্যাৰ প্ৰতিবাদ : ৩ দিনৰ ভিতৰত দাবী পূৰণ নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ - Assam Driver Murder In Arunachal

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 9:49 AM IST

thumbnail
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ (ETV Bharat Assam)

জোনাই, ৬ ছেপ্টেম্বৰ : অসমৰ ট্ৰাক চালকক অৰুণাচলত হত্যা কৰা ঘটনাৰ উত্তেজনা অব্যাহত সীমান্তৰ মাদুৰিপথাৰ অঞ্চলত । যেৱা ২২ আগষ্টত অৰুণাচললৈ ইটা কঢ়িয়াই নিয়া ট্ৰাকৰ চালক সঞ্জয় নাথক ডোপৰিজু নামৰ ঠাইৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰি সোঁৱণশিৰি নৈৰ বালিচৰত পুতি থৈছিল । আৰক্ষীৰ অভিযানত সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পাচতেই উদ্ধাৰ কৰা হয় অসমৰ ট্ৰাক চালক সঞ্জয় নাথৰ মৃতদেহ । ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম-অৰুণাচলৰ সীমামূৰীয়া মাদুৰিপথাৰত ।

যোৱা বুধবাৰে বিয়লি অসম-অৰুণাচলৰ ট্ৰাক চালক সন্থাৰ বৈঠকৰ পাচতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সঞ্জয় নাথক হত্যা কৰাৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি বিহাৰ লগতে মূল অভিযুক্ত টাবু দনিকক ফাঁচি দিয়াৰ বাবে দাবী জনোৱা হয় । লগতে চালক সঞ্জয় নাথৰ পৰিয়ালক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰা, এটা চৰকাৰী চাকৰি দিবলৈও দাবী জনাই দুয়োখন ৰাজ্যৰ ট্ৰাক চালক সন্থাই ।

তিনিদিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে অৰুণাচলৰ পৰা অসমত ট্ৰাক প্ৰৱেশ কৰা প্ৰতিখন গেটৰ সন্মুখত অৰ্থনৈতিক আন্দোলন গঢ়ি তোলা হ'ব বুলি সকীয়াই দিয়ে দল-সংগঠনে ।

লগতে পঢ়ক:অৰুণাচলত পুতি থোৱা অৱস্থাত উদ্ধাৰ অসমৰ অপহৃত ট্ৰাক চালকৰ মৃতদেহ, গ্ৰেপ্তাৰ চাৰি - Assam driver killed in Arunachal

চাঞ্চল্যকৰ হত্যাকাণ্ড: দুই বন্ধুৱে হত্যা কৰিলে নেকি বিশালক ? - Moran murder case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.