ETV Bharat / state

এডভাণ্টেজ অসম ২.০ : বিনিয়োগকাৰীৰ সন্ধানত ছিংগাপুৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - ADVANTAGE ASSAM 2

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ১০ ফেব্রুৱাৰীৰ পৰা ২ দিনীয়া ছিংগাপুৰ ভ্ৰমণ ৷ আধ্যাত্মিক গুৰু সদগুৰুৰ সৈতে দিশপুৰৰ বাসগৃহত সাক্ষাৎ ৷

ADVANTAGE ASSAM 2
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 9:11 PM IST

গুৱাহাটী : এইবাৰ ছিংগাপুৰলৈ বিনিয়োগকাৰী বিচাৰি যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ৰ প্ৰচাৰৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ যাব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ৷ অহা ১০ ফেব্রুৱাৰীৰ পৰা ছিংগাপুৰ ভ্ৰমণৰ কথা দেওবাৰে নিজৰ সামাজিক মাধামযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । এডভান্টেজ আছাম ২.০ সন্মিলনৰ পূর্বে উদ্যোগপতি আৰু চৰকাৰী বিষয়াসকলৰ সৈতে আলোচনা কৰিবলৈ মুখামন্ত্রী ছিংগাপুৰত উপস্থিত হ'ব ।

ছিংগাপুৰৰ এই ভ্রমণ আগন্তুক সন্মিলনৰ অংশীদাৰ দেশখনৰ সৈতে দীর্ঘদিন ধৰি অসমৰ উন্নয়নমূলক পদক্ষেপৰ সৈতে জড়িত । ছিংগাপুৰত ড৹ শর্মাই এখন ৰোড শ্ব’তো অংশগ্রহণ কৰিব ৷ লগতে, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, নির্মাণ আমি উদ্যোগৰ মুখ্য ব্যৱসায়িক নেতৃবন্দৰ সৈতে পৃথক পৃথক বৈঠকত অংশগ্রহণ কৰিব ।

তেওঁ অসমক উদীয়মান উদ্যোগসমূহৰ প্ৰাণকেন্দ্র হিচাপে গঢ়ি তোলাৰ লগতে বিশ্বৰ সমস্যাসমূহৰ উদ্ভাৱনীমূলক সমাধানৰ দিশত কাম কৰি থকা উন্নত উদ্যোগসমূহৰ জৰিয়তে অসমত বিনিয়োগৰ সম্ভাৱনাময় দিশসমূহ দাঙি ধৰিব । উল্লেখযোগ্য যে, শেহতীয়াভাৱে জানুৱাৰী মাহত মুখ্যমন্ত্ৰী গৰাকীয়ে এডভান্টেজ আছাম ২.০ৰ প্ৰচাৰেৰে বিনিযোগকাৰীৰ সন্ধানত দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰিছিল । দুয়োখন দেশতেই অংশগ্ৰহণ কৰিছিল ৰোড শ্ব’তো ।

আধ্যাত্মিক গুৰু সদগুৰুৰে বাৰ্তালাপ :

মুখ্যমন্ত্রীয়ে দেওবাৰে পুৱা আধ্যাত্মিক গুৰু সদগুৰুক দিশপুৰৰ নিজৰ বাসগৃহত আতিথ্য প্রদান কৰে আৰু তেওঁৰ সৈতে বিশেষ বার্তালাপত মিলিত হয় । মুখ্যমন্ত্রীয়ে সদগুৰুৰ আধ্যাত্মিকতা আৰু বিকাশৰ বাবে প্রকৃতিকেন্দ্রিক দৃষ্টিভংগীৰ দ্বাৰা অনুপ্রাণিত হোৱাৰ কথা গুৰুগৰাকীক অৱগত কৰে ।

CM HIMANTA BISWA SARMA
আধ্যাত্মিক গুৰু সদগুৰুক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

পৰৱৰ্তী সময়ত লোকসেৱা ভৱনত সদগুৰুৱে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক মুকলি মত বিনিময় অনুষ্ঠানত মিলিত হয় । উত্তম চৰকাৰী শাসন ব্যৱস্থা প্রদানৰ সময়ত আধ্যাত্মিক চেতনা সংহত কৰাৰ গুৰুত্বৰ বিষয়ে তেওঁ আলোকপাত কৰি মুখ্যমন্ত্রী সমন্বিতে সকলোকে সমৃদ্ধ কৰি তোলে । ইয়াৰ পাছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু সদগুৰু দুয়োজনে বন্দ্যা আন্তঃৰাষ্ট্রীয় বিদ্যালয়ত এক কার্যসূচীত অংশগ্রহণ কৰে, য'ত সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ পৰা অহা লোকে যোগদান কৰে ।

লগতে পঢ়ক: মুম্বাইত উদ্যোগপতি আম্বানীৰ পৰা জিন্দাললৈ সাক্ষাৎ মুখ্যমন্ত্ৰীৰ; এডভাণ্টেজ আছাম ২.০ লৈ আমন্ত্ৰণ

নতুন দিল্লীত প্রধানমন্ত্রী, বিত্ত মন্ত্রীকে ধৰি ছগৰাকী কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ভূমি পূজনেৰে খানাপাৰাত এডভান্টেজ অসম ২.০ৰ আৰম্ভণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.