মাজুলী: মাতৃক বিচাৰি মাজুলীত হাবাথুৰি খাইছে হলেণ্ডৰ এগৰাকী যুৱতীয়ে । জন্মদাত্ৰী মাতৃক বিচাৰি তোলনীয়া পিতৃৰ সৈতে মাজুলীত উপস্থিত হৈছে হলেণ্ডৰ ৩৪ বছৰীয়া যুৱতীগৰাকী । কেনেকৈ হলেণ্ড পাইছিলগৈ যুৱতীগৰাকী ? ক'ত জন্ম হৈছিল যুৱতীগৰাকীৰ ? ৩৪ বছৰ পিছত উভতি অহা যুৱতীগৰাকীৰ কাহিনী শুনিলে আপুনিও হয়তো এবাৰলৈ ভাবিবলৈ বাধ্য হ'ব ।
আচলতে ৩৪ বছৰৰ পূৰ্বে আৰম্ভ হৈছিল এইগৰাকী যুৱতীৰ সৈতে এটা বিশেষ ঘটনা । ১৯৯১ চনৰ ৪ আগষ্টত ডিব্ৰুগড়ৰ এখন নাৰ্চিংহোমত জন্ম হৈছিল এটি কন্যা শিশুৰ । বৰ্তমান ৩৪ বছৰীয়া এগৰাকী যুৱতী তেওঁ । এইগৰাকী যুৱতীৰ নাম ডিনা । তোলনীয়া পিতৃৰ লগত থাকিলেও এতিয়া নিজৰ জন্মদাত্ৰী মাতৃক বিচাৰি ফুৰিছে এইগৰাকী ডিনাই । আজিৰ তাৰিখত হলেণ্ডৰ বাসিন্দা এই ডিনা । হলেণ্ডৰ উচ্চ শিক্ষিতা যুৱতী ডিনাই এতিয়া বিচাৰি ফুৰিছে নিজৰ জন্মদাত্ৰী মাতৃক ।
ডিব্ৰুগড়ৰ পৰা গৈ দিল্লীৰ এখন অনাথ আশ্ৰমত আছিল এতিয়াৰ ডিনা । তাৰ পৰাই হলেণ্ড পাইছিলগৈ এই দিনা । মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ মুখা শিল্প দৰ্শন কৰোতে চামগুৰি সত্ৰৰ এগৰাকী মুখাশিল্পীক সকলো বৰ্ণনা কৰিলে হলেণ্ডৰ বৰ্তমানৰ বাসিন্দা ডিনাই । ইঠাইৰ পৰা সিঠাইত বিচাৰি ফুৰিছে মাতৃক ।
মাজুলীৰ মুখাশিল্পী ধীৰেন গোস্বামীয়ে কয়, "এতিয়া হলেণ্ডৰ উচ্চ শিক্ষিতা যুৱতী ডিনাই মাতৃক বিচাৰি ফুৰাৰ কথা তেওঁক মুখাশিল্প দৰ্শন কৰোতে অৱগত কৰিছিল । মুখাশিল্পীগৰাকীৰ আহ্বান সকলো ৰাইজলৈ যদি কেনেবাকৈ এইগৰাকী যুৱতীৰ জন্মদাত্ৰী মাতৃৰ সন্ধান পাই যুৱতীগৰাকীক অৱগত কৰক । যাতে যুৱতীগৰাকীয়ে নিজৰ জন্মদাত্ৰী মাতৃক লগ পাব পাৰে ।"
মুখাশিল্পীগৰাকীয়ে লগতে কয়, "জন্মসূত্ৰে তেওঁ অসমৰ বুলি উল্লেখ কৰিছে । তেওঁৰ মাতৃও অসমৰে আছিল । তেওঁ মাতৃক বিচাৰি আহিছে, সুদূৰ হলেণ্ডৰ পৰা । কিবা শুংসূত্ৰ পাই নেকি তেওঁ সেয়ে মাজুলীৰ সত্ৰই সত্ৰই ভ্ৰমণ কৰিছে । চামগুৰি সত্ৰত উপস্থিত হৈ মুখাশিল্প দৰ্শন কৰিলে । সেই সময়তে তেওঁ সেই কথাখিনি মোক অৱগত কৰিছিল ।"