সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে ধেমাজিত ব্যাপক প্ৰস্তুতি - INDEPENDENCE DAY 2024

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 12:44 PM IST

thumbnail
স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি (ETV Bharat Assam)

ধেমাজি, ১২ আগষ্ট: সমগ্ৰ দেশৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত কাছাৰী ময়দানত চলিছে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি ৷ ইতিমধ্যে কাছাৰী ময়দানখন পৰিস্কাৰ-পৰিচ্ছন্ন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ বিগত কিছুদিন ধৰি কাছাৰী ময়দানত পুৱা আৰু আবেলি ধেমাজি আৰক্ষী, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ বাবে অনুশীলন চলাই আছে  ৷

উল্লেখ্য় যে, এইবাৰ কাছাৰী ময়দানত ২৮ টা দলে পেৰেডত অংশগ্ৰহণ কৰিব । ইফালে প্ৰতিকূল বতৰে কিছু বিধি-পথালি দিছে যদিও ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সঁহাৰি যথেষ্ট সন্তোষজনক বুলি মন্তব্য কৰিছে প্ৰশিক্ষকগৰাকীয়ে ।

ইপিনে, স্বাধীনতা দিৱসৰ সময়ছোৱাত জিলাখনত যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাম-কাজ সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ।

লগতে পঢ়ক: সমাগত স্বাধীনতা দিৱস: বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত বিশাল বাইক ৰেলী - INDEPENDENCE DAY 2024

ৰাজ্যত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি - Preparation for Independence day

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.