যোৰহাটত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তুতি - Veer Lachit Borphukan
🎬 Watch Now: Feature Video


Published : Feb 17, 2024, 4:06 PM IST
টীয়ক , ১৭ ফেব্ৰুৱাৰী: যি সময়ত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰি দিয়াৰ প্ৰয়াস কৰিছে তেনে সময়ত বীৰ লাচিত সেনাই বীৰজনাক খিলঞ্জীয়াৰ বীৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে । এই প্ৰয়াসৰ অংশ হিচাপে যোৰহাট জিলাৰ মেলেং মেটেলিত বীৰগৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে সমন্বয় ক্ষেত্ৰ গঢ়ি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে ।
ইতিমধ্যে শিল্পী বীৰেণ সিংহই নিৰ্মাণ কৰি উলিওৱা ১৮ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি শুক্ৰবাৰে বিয়লি স্থাপনৰ বাবে আনি আজি প্ৰতিষ্ঠা কৰে । ইপিনে, গুৱাহাটীৰ পৰা প্ৰতিখন জিলাৰ সহস্ৰাধিক বীৰ লাচিত সেনাৰ সেনানীয়ে শোভাযাত্ৰা কৰি প্ৰতিমূৰ্তিটো যোৰহাটলৈ আগবঢ়াই আনে । অহা দুমাহৰ ভিতৰত উক্ত প্ৰতিমূৰ্ত্তিৰ এক আড়ম্বৰপূৰ্ণভাৱে শুভ উন্মোচন কৰা হ'ব বুলিও সদৰী কৰিছে উদ্যোক্তাসকলে ।
লগতে পঢ়ক:মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৩০ কোটি টকাৰ পৰিকল্পনা প্রস্তুত