সমাগত ৪ জুন; ভোটগণনাৰ বাবে সাজু কলিয়াবৰ প্ৰশাসন - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video


Published : Jun 1, 2024, 12:59 PM IST
কলিয়াবৰ, ১ জুন: বহু প্ৰত্যাশিত ৪ জুন সমাগত । ৪ জুনত নিৰ্ণয় হ'ব কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব । পুৱা ৮ বজাত সমগ্ৰ দেশতেই আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ ভোটগণনা । সমান্তৰালভাৱে কলিয়াবৰতো ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোট গণনা আৰম্ভ হ'ব । ভোট গণনাৰ বাবে কলিয়াবৰ জিলা নিৰ্বাচনী বিভাগে চলাইছে পূৰ্ণ প্ৰস্তুতি । দ্ৰুত গতিত চলিছে ভোট গণনা কক্ষৰ কাম ।
১৪ খন টেবুলত ১৭ ৰাউণ্ডত শেষ হ'ব ভোট গণনা । ভোট গণনাৰ লগত জড়িত হ'বলগীয়া বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ ইতিমধ্যে সমাপ্ত হোৱা বুলি কলিয়াবৰৰ মহকুমাধিপতি তথা সহকাৰী ৰিটাৰ্ণিং বিষয়া লিজা তালুকদাৰে উল্লেখ কৰিছে । নিৰ্বাচনী পৰ্যৱেক্ষক যথা সময়ত উপস্থিত হ'ব বুলি কয় মহকুমাধিপতিগৰাকীয়ে । লগতে কলিয়াবৰ মহকুমা কাৰ্যালয় চৌহদত স্থাপন কৰা ভোটগণনা কাৰ্যৰ বাবে সুৰক্ষা বেষ্টনীৰ কটকটীয়া কৰি গঢ়ি তোলা হৈছে ।