ঢকুৱাখনাত ঐতিহাসিক ফাটবিহুৰ ব্যাপক প্ৰস্তুতি - Faat Bihu in Assam
🎬 Watch Now: Feature Video
Published : Mar 28, 2024, 8:56 PM IST
ঢকুৱাখানা, 28 মাৰ্চ : প্ৰাক ৰঙালীৰ ৰঙেৰে মুখৰিত ঢকুৱাখনা ৷ ঢকুৱাখনাৰ মহঘূলি চাপৰিত ৰজাদিনীয়া পৰম্পৰাৰে অতীজৰে পৰা নিভাজ ৰূপত পালন কৰি অহা ঐতিহাসিক ফাটবিহু আয়োজনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে ৷ বিগত বৰ্ষৰ দৰে এইবছৰো অহা 10, 11 আৰু 12 মে'(27, 28 আৰু 29 ব'হাগত)ত মহঘূলি চাপৰিৰ নান্দনিক পৰিৱেশত ফাটবিহু অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ফাট বিহু ৷
ইয়াৰ উপলক্ষে বৃহস্পতিবাৰে আবেলি ঢকুৱাখনা চাৰিআলিৰ মাজমজিয়াত ফাটবিহুৰ প্ৰচাৰ আৰু যোগাযোগৰ সুবিধাৰ্থে এটি অস্থায়ী কাৰ্যালয় মুকলি কৰা হয় । আজি আনুষ্ঠানিকভাৱে কাৰ্যালয়টি মুকলি কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণানন্দ গগৈয়ে ।
এই অনুষ্ঠানটোত ফাটবিহু স্থায়ী সমিতিৰ সভাপতি বসন্ত শইকীয়া,সম্পাদক ভাস্কৰ দাস, উদযাপন সমিতিৰ সভাপতি মুকুল গগৈ, সম্পাদক ভৱেন্দ্ৰজিৎ গগৈকে
আদি কৰি ফাটবিহুৰ সৈতে জড়িত বহুসংখ্যক লোক উপস্থিত থাকে ।
লগতে পঢ়ক: Phata Bihu in Dhakuakhana: জাত জাত বিহু নামৰ ধ্বনিৰে মুখৰিত ম’হঘুলি চাপৰিৰ আকাশ বতাহ