thumbnail

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 6:10 PM IST

ETV Bharat / Videos

সত্ৰত ভূপেন বৰাৰ ৰাজনৈতিক প্ৰসংগ : ৰঙিয়াৰ বালিসত্ৰৰ সৎসঙ্গী সত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া - APCC President Bhupen Bora

ৰঙিয়া, ২৮ জুন : ৰঙিয়াৰ বালিসত্ৰৰ সৎসঙ্গী সত্ৰলৈ আহি আউল লগালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । পৱিত্ৰ সৎসঙ্গী সত্ৰৰ নামঘৰতে সংবাদ মাধ্যমৰ সন্মুখত ৰাজনৈতিক মন্তব্য প্ৰদান কৰিছিল সভাপতি বৰাই । তাকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বালিসত্ৰবাসীৰ মাজত ।

সত্ৰৰ আত্মাক আঘাত কৰা বুলি দাবী কৰি ভূপেন বৰাৰ এই কাৰ্যক একেমুখে ধিক্কাৰ দিছে বালিসত্ৰবাসীয়ে । ভূপেন বৰাৰ এই কাৰ্যক গৰিহণা প্ৰদান কৰাৰ লগতে বালিসত্ৰৰ ৰাইজৰ মাজত সৃষ্টি হৈছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ । আনহাতে, নাম প্ৰসংগ, ধূপ-চাকি-নৈবদ্য আগবঢ়াই নামঘৰ তথা বংশী গোপালক শুদ্ধি কৰা হয় ।

ভূপেন বৰাৰ কাৰ্যই সত্ৰৰ সাতামপুৰুষীয়া ৰীতি-নীতিক পদাঘাত কৰাৰ লগতে পৰম্পৰাক কলুষিত কৰাৰ বাবে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে শুদ্ধি কৰা হয় সৎসঙ্গী সত্ৰৰ চৌহদ । গাখীৰ, তুলসী, দূৱৰী পানীৰে চৌহদ শুদ্ধি কৰে সত্ৰ পৰিচালনা সমিতিয়ে ।

ইয়াৰ উপৰি এগৰাকী নেতাই নামঘৰৰ ভিতৰত ৰাজনৈতিক সংবাদমেল পতাক লৈয়ো অত্যন্ত দুখ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :

হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন আয়োগ নেকি ? প্ৰশ্ন কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ - Bhupen Bora on By election

আমি হাৰি হাৰিও জিকিছো, বিজেপি জিকি জিকিও হাৰিছে: ভূপেন কুমাৰ বৰা - Lok sabha election results 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.