বৰপেটাৰোড আৰক্ষীৰ জালত তিনি IPL জুৱাৰী - IPL gamblers arrested - IPL GAMBLERS ARRESTED
🎬 Watch Now: Feature Video


Published : Apr 7, 2024, 2:14 PM IST
বৰপেটাৰোড,৭ এপ্ৰিল: বৰপেটাৰোডত আই পি এল জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে তিনিটাকৈ আই পি এলৰ বুকি আৰু জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন তিনি আই পি এল জুৱাৰী ক্ৰমে ইন্তাজ আলী পাঠান, নুৰজামাল আলী আৰু মকবুল হুছেইন বুলি জানিব পৰা গৈছে ৷
এক গোপন সুত্ৰৰ পম খেদি বৰপেটাৰোড আৰক্ষীয়ে বৰপেটা জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে শনিবাৰে নিশা বৰপেটাৰোডৰ বালাভিঠা গাঁৱৰ ইন্তাজ আলী পাঠানৰ ঘৰত অভিযান চলায় । অভিযান কালত আই পি এল জুৱাৰী কেইটাৰ পৰা এখন ডায়েৰী, ম'বাইল ফোন আৰু নগদ ১ লাখ ৬৯ হাজাৰ টকা উদ্ধাৰ কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷
জানিব পৰা মতে, ধৃত আই পি এল জুৱাৰী তিনিটাক বৰপেটাৰোড আৰক্ষী থানাত ৰাখি সোধপোচ অব্যাহত ৰাখিছে বৰপেটাৰোড আৰক্ষীয়ে ৷
লগতে পঢ়ক: অপৰাধ শাখাৰ আৰক্ষী জোৱানসহ নগাঁও আৰক্ষীৰ জালত ৭ জুৱাৰী