thumbnail

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 9:56 PM IST

ETV Bharat / Videos

মঙলদৈ চহৰত আৰক্ষীৰ ফ্লেগ মাৰ্চ : শান্তি-সম্প্ৰীতি, শৃংখলা বজাই ৰখাৰ আহ্বান - Police flag march in Mangaldoi

দৰং, ২৬ আগষ্ট : দেওবাৰে মঙলদৈ দৈনিক মাছ বজাৰত এজন খিলঞ্জীয়া যুৱকক মাৰপিটক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিচত সোমবাৰে পৰিস্থিতি শাম কাটিছে । বৰ্তমান মঙলদৈত স্বাভাৱিক জন-জীৱন আৰম্ভ হৈছে ।

ইপিনে সোমবাৰে সন্ধিয়া মঙলদৈ চহৰত আৰক্ষীয়ে ফ্লেগ মাৰ্চ কাৰ্যসূচী ৰূপায়ন কৰে । দৰং জিলাখনত শান্তি-সম্প্ৰীতি-শৃংখলা বজাই ৰখাৰ আহ্বান জনাই এই ফ্লেগ মাৰ্চ আয়োজন কৰা হয় ৷ দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত জিলাখনৰ শতাধিক আৰক্ষী জোৱানে এই মার্চত অংশগ্ৰহণ কৰে । মঙলদৈ চহৰত যাতে পুনৰাই এইধৰণৰ ঘটনা সংঘটিত নহয় তাৰে বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিখন থানাতেই এই ফ্লেগ মাৰ্চৰ জৰিয়তে ৰাইজক শান্তি-শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনায় আৰক্ষীয়ে ।

লগতে পঢ়ক : মাছ কিনিবলৈ যোৱা যুৱকক আক্ৰমণ মাছ ব্যৱসায়ীৰ: মঙলদৈত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.