তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - Gambling Game In Dhuburi
🎬 Watch Now: Feature Video


Published : Feb 22, 2024, 7:49 AM IST
ধুবুৰী, ২২ ফেব্ৰুৱাৰী: তীৰ খেলৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই তীৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও আৰক্ষীৰ চকুত ধূলি দি একাংশ সমাজ বিৰোধী লোকে অব্যাহত ৰাখিছে অবৈধ তীৰ খেল । তেনে এক গোপন তথ্যৰ ভিত্তিত দক্ষিণ শালমাৰা আৰক্ষীয়ে বুধবাৰে ভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৫ টাকৈ তীৰ জুৱাৰীক ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপ-আৰক্ষী অধীক্ষকৰ নিৰ্দেশত দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱা নেতৃত্বত আৰক্ষীৰ দল এটাই গোপন সূত্ৰৰ পম খেদি টুমনী লাইলি বজাৰ পৰা আব্দুল ছাত্তাৰ, ছফিকুল হক, জিৰাউল হকক, টুমনী বজাৰৰ পৰা আছাদুৰ ৰহমান আৰু বালাডুবা বজাৰৰ পৰা সাজাহান আলীকে ধৰি মুঠ ৫ টাকৈ তীৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
তীৰ জুৱাৰীকেইটাক গ্ৰেপ্তাৰ কৰাৰ পাচতেই আৰক্ষীয়ে আদালতত হাজিৰ কৰায় বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: শিলসাঁকোত পুনৰ প্ৰশাসনৰ বুলড’জাৰ