মাজুলীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ নাৰী দেহ ব্যৱসায় চক্ৰ - Sex racket in Majuli

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 5:12 PM IST

thumbnail
অবৈধ নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত (ETV Bharat Assam)

মাজুলী, 25 জুলাই : মাজুলীৰ একাংশ ল'জ আৰু ৰিজৰ্টত চলিছে অবৈধ নাৰী দেহ ব্যৱসায় ৷ কমলাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখৰ এটি নাম বিহীন ল'জত বৃহস্পতিবাৰে উৎখাত কৰা হয় এটা নাৰী দেহ ব্যৱসায় চক্ৰ ৷ ল’জটোৰ ভিতৰত সন্দেহজনক দুগৰাকী মহিলা আৰু কেইজনমান যুৱকে অনৈতকৈ কাৰ্যত লিপ্ত হোৱাৰ সন্দেহত স্থানীয় ৰাইজে ল’জটো ঘেৰাও কৰে যদিও যুৱককেইজন পলাই যাবলৈ সক্ষম হয় ৷

আনহাতে যোৰহাটৰ বুলি চিনাকি দিয়া বেগম উপাধিধাৰী মহিলা দুগৰাকীক গড়মূৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰে ৷ উল্লেখ যে এই ল’জটোৰ স্বত্বাধিকাৰী কমলাবাৰী অঞ্চলৰ কমলেশ্বৰ বৰা বুলি জানিব পৰা গৈছে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত গড়মূৰ আৰক্ষীয়ে অভিযান চলাই ল’জটোৰ মালিক কমলেশ্বৰ বৰাক আটক কৰিছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজ আৰু কমলাবাৰী আৰক্ষীৰ সহযোগত গড়মূৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক : সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত ৰঙিয়াৰ এগৰাকী ধৰ্ষিতাই ন্যায় পালে - Rape Victim Received Justice

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.