সেনাবাহিনীৰ প্ৰতীক লগোৱা বাহন লৈ ডকাইতি কৰিবলৈ আহি গ্ৰেপ্তাৰ 5 ডকাইত
🎬 Watch Now: Feature Video
দৰং,১৭ ফেব্ৰুৱাৰী: দৰং জিলাত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা । অপৰাধ ৰোধৰ ক্ষেত্ৰত আৰক্ষী সৰৱ হৈছে যদিও একাংশই আৰক্ষীৰ চকুত ধূলি দি চুৰি-ডকাইতিৰ দৰে ঘটনা সংঘটিত কৰি অহা পৰিলক্ষিত হৈছে । গোপন সুত্ৰৰ পম খেদি দৰং আৰক্ষীয়ে চলোৱা অভিযানত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 5 টাকৈ ডকাইতক । সেনাবাহিনীৰ প্ৰতীক লগোৱা বাহন লৈ ডকাইতি কৰিবলৈ আহিছিল যদিও সফল নহ'ল 5 জনীয়া ডকাইতৰ দলটো ।
অভিযানত আৰক্ষীয়ে জব্দ কৰে AS-11-M-6777 নম্বৰৰ এখন i20 বাহন । গাড়ীৰ ভিতৰত এডাল প্লাছ, চোকা অস্ত্ৰ, তাৰপ’লিন আৰু নগদ ধনো জব্দ কৰে আৰক্ষীয়ে । মঙলদৈৰ নিকটৱৰ্তী মেনাপাৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাহনৰ সৈতে ডকাইতকেইটাক । এই ডকাইতৰ দলটোৱে পথত ডকাইতি, গৰু চুৰিকে আদি কৰি বিভিন্ন অসমাজিক কামত জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । ধৃত ডকাইত কেইটাৰ নাম ফুলুদ্দিন, জামলুদ্দিন, দৰবেজ আলী, চোনহৰ আলী, জইনাল আবেদিন । আটাইকেইটা খাৰুপেটীয়া অঞ্চলৰ গভাইত চোৰ বুলি উল্লেখ কৰে আৰক্ষীয়ে ।
লগতে এই দলত আৰু অধিক সদস্য জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: হাতে-হাতে লাঠি লৈ দৰং মহাবিদ্যালয়ৰ খেলপথাৰত এয়া কি ?