ৰাইফল-সজীৱ গুলীসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ - Poachers Arrested - POACHERS ARRESTED
🎬 Watch Now: Feature Video


Published : May 29, 2024, 8:43 PM IST
মঙলদৈ, 29 মে’ : দৰঙৰ দলগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি খলিলুৰ ৰহমান নামৰ এটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ গ্ৰেপ্তাৰ হোৱা খলিলুৰ ৰহমানৰ ঘৰ দলগাঁৱৰ খজুৱাবিল গাঁৱত বুলি জানিব পৰা গৈছে ৷ ধৃত চোৰাং চিকাৰীটোৱে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ কৰাৰ উদ্দেশ্যে মণিপুৰৰ পৰা ৰাইফল আনি দলগাঁৱৰ থলথলী বিলত পুতি ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে বুধবাৰে দলগাঁৱৰ মিলন চকৰ পৰা চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰি ৰাইফল উদ্ধাৰৰ বাবে অভিযান চলাই দলগাঁও আৰক্ষীয়ে ৷ অৱশেষত থলথলী বিলৰ পৰা পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা 3৹3 ৰাইফল আৰু চাৰিটা সজীৱ গুলী ৷ ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষীৰ লগতে দৰং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : গৰু নহয়, কুকুৰৰ চোৰাং সৰবৰাহ : আটক দুই সৰবৰাহকাৰী - Dogs Rescued