গুৱাহাটী AIIMS ৰ বাবে কেবাটাও নতুন সুবিধা মুকলি প্ৰধানমন্ত্ৰীৰ
Published : 3 hours ago
বাইহাটা: কামৰূপ জিলাৰ চাংসাৰিস্থিত সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীত কেইবাটাও নতুন সুবিধা উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মঙলবাৰে ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে নতুন সুবিধাসমূহ । এই সংযোজন কৰা সুবিধাসমূহৰ ভিতৰত আছে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে আধুনিক আশ্ৰয় গৃহ, অত্যাধুনিক প্ৰেক্ষাগৃহ আৰু উন্নত চিকিৎসা সঁজুলি ।
এই উপলক্ষে গুৱাহাটী সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীক সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানক এক নতুন দিশ প্ৰদান কৰা বাবে প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী আৰু কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাক প্রশংসা কৰি কয়, "আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদক্ষেপে এইমছক এক নতুন দিশ দিছে । ইয়াক দেশৰ অন্যতম প্ৰধান চিকিৎসা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিছে । এই সুবিধাসমূহৰ উদ্বোধনে প্ৰতিষ্ঠানটোৰ মান উন্নীত কৰাৰ লগতে এইমছ গুৱাহাটীক অঞ্চলটোৰ গুণগত স্বাস্থ্যসেৱাৰ ৰেখা হিচাপে অধিক প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে ।"