৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
🎬 Watch Now: Feature Video
Published : Mar 4, 2024, 10:43 PM IST
গুৱাহাটী, মাৰ্চ ৪ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ মাৰ্চত অসম ভ্ৰমণলৈ আহিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটীত সদৰী কৰে । তেওঁ কয় যে অহা ৮ মাৰ্চৰ নিশাটি প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত কটাব । তাৰ পিচদিনা তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব ।’
দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়‘ ‘মোদীয়ে পিচদিনা যোৰহাটৰ হোলাঙাপাৰস্থিত লাচিত মৈদামত অসম চৰকাৰৰ দ্বাৰা নিৰ্মিত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ সৰ্ববৃহৎ বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব । তাৰ পিচত দিনৰ ২ বজাত যোৰহাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভা সম্বোধন কৰিব ।’
অসম ভ্ৰমণ ইমানতে সামৰি প্ৰধানমন্ত্ৰী পশ্চিমবংগলৈ যাত্ৰা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷
লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণ, পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ ছাফাৰী আৰু হাতী ছাফাৰী