চিলাপথাৰ ৰে’ল ষ্টেচনত অমৃত ভাৰত ষ্টেচন নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠান - Amrit Bharat Station Scheme
🎬 Watch Now: Feature Video
Published : Feb 26, 2024, 8:49 PM IST
ধেমাজি, 26 ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত দেশৰ 554 টা ৰে’ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা ভাৰ্চুৱেলী স্থাপন কৰে ৷ এই আঁচনিৰ অধীনত ষ্টেচন পুনৰ বিকাশৰ লগতে 1500 অভাৰব্ৰীজ আৰু আন্দাৰপাছ নিৰ্মাণ কৰা হ’ব ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তর্গত ধেমাজি জিলাৰ চিলাপথাৰ আৰু মুৰকংচেলেক ষ্টেচনসহ অসম, ত্ৰিপুৰা, মিজোৰাম আৰু চিকিমৰ কেইবাটাও ৰে’ল ষ্টেচনৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷
এই উপলক্ষে সোমবাৰে চিলাপথাৰ ৰে’ল ষ্টেচনত আয়োজিত এক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা 'Developed Nation and Developed Railway of 2047' বিষয়ক প্ৰতিযোগিতাত স্থান লাভ কৰা সকলক পুৰস্কাৰ প্ৰদান কৰে সাংসদ প্ৰদান বৰুৱাই ৷ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱাৰ লগতে বিধায়ক ভূৱন পেগু, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া মণ্ডলৰ DRM-উত্তম প্ৰকাশ, ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, ৰে’ল বিভাগৰ শীৰ্ষ বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে ৷
লগতে পঢ়ক : হয়বৰগাঁও ৰে’ল ষ্টেচন পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন, প্ৰাক্তন ৰে’লমন্ত্ৰীৰ অসন্তুষ্টি