সৰ্বভাৰতীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বীপত অসমৰ ৬ টা সোণৰ পদক অৰ্জন - Taekwondo Championship

By ETV Bharat Assamese Team

Published : May 18, 2024, 2:02 PM IST

thumbnail
সকলোৰে মনৰ অনুভৱ শুনক (etv bharat assam)

সৰুপথাৰ, ১৮ মে’: কোচবিহাৰ জিলা টাইকোৱাণ্ডো এছ’চিয়েশ্যনৰ উদ্যোগত ১১ আৰু ১২ মে’ ত অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বীপ ৷ উক্ত চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰিবলৈ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ পৰা ১০ গৰাকী খেলুৱৈ ৰাওনা হৈছিল । প্ৰশিক্ষক ভোপাল ৰায়ৰ নেতৃত্বত দলটো পশ্চিমবংগলৈ ৰাওনা হৈছিল ৷

১০ জনীয়া দলটোৰ ৬ জনে সোণৰ পদক, ২ জনে ৰূপৰ লগতে আন দুজনে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে । কণ-কণ শিক্ষাৰ্থীসকলৰ সাফল্যই ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে । তদুপৰি বিগত সময়ছোৱাত প্ৰশিক্ষক ভোপাল ৰায়ৰ নেতৃত্বত ধনশিৰি মহকুমাৰ কেবাগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

এইবাৰো কোচবিহাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা টাইকোৱাণ্ডো প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে খেলুৱৈসকলে । উল্লেখ্য যে, মহকুমাটোৰ কেবাটাও স্থানত ভোপাল ৰায়ে টাইকোৱাণ্ডো, কাৰাটে ইত্যাদিৰ প্ৰশিক্ষণ দি মহকুমাটোৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অংশগ্ৰহণৰ বাবে ৰাওনা সৰুপথাৰৰ টাইকোৱাণ্ডো দল - Taekwondo Championship

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.