ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থীসকলক ফাৰ্মাচী পৰিষদত অন্তৰ্ভুক্তিকৰণৰ দাবী - Pharmacist graduates protest - PHARMACIST GRADUATES PROTEST

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 9:26 PM IST

গুৱাহাটী, ২৪ জুন: সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ফাৰ্মাচিষ্ট শিক্ষাৰ্থীসকলৰ নাম অসম ফাৰ্মাচী পৰিষদত অন্তৰ্ভুক্ত কৰাৰ দাবীত সদৌ অসম ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থী গোটৰ উদ্যোগত চচলত সোমবাৰৰ পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

প্ৰতিবাদীকাৰীসকলে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ আমাৰ দাবী নায্য দাবী, স্বাস্থ্য বিভাগ হায় হায়, আমাক দুটা বছৰৰ ক্ষতিপূৰণ দিয়ক, APC ত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ নাম পঞ্জীয়ন কৰক, আমাৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰক আদি বিভিন্ন শ্লোগানেৰে চচলৰ পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: Fake pharmacists in Assam:ভুৱা ফাৰ্মাচিষ্টে দিয়া ঔষধ সেৱন কৰি অসুস্থ শিশু,গ্ৰেপ্তাৰ এক

প্ৰতিবাদী শিক্ষাৰ্থীসকলে তেওঁলোকৰ সমস্যাসমূহ অতি শীঘ্ৰে সমাধান নকৰিলে আগন্তুক দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । উল্লেখ্য যে, ৰাজ্যৰ ছয় হাজাৰৰো অধিক ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ নাম APC ত পঞ্জীয়ন নকৰাৰ ফলত তেওঁলোকে দুটা বছৰ ধৰি কোনো সংস্থাপন লাভ কৰা নাই । যাৰ ফলত নিবনুৱা হৈ জীৱন কটোৱা এই শিক্ষাৰ্থীসকলে অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।

উচ্চ ন্যায়ালয়ে ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ নাম APC ত পঞ্জীয়ন কৰাৰ নিৰ্দেশ জাৰি কৰিছিল । কিন্তু স্বাস্থ্য বিভাগে আজিকোপতি এই নিৰ্দেশনা পালন কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থী গোটে ।

লগতে পঢ়ক: Notice to 17 illegal Pharmacy: বঙাইগাওঁ জিলাৰ ভাণ্ডাৰাৰ ১৭ খন অবৈধ ফাৰ্মাচীলৈ প্ৰশাসনৰ জাননী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.