ধনী হোৱা হ’লেতো আমি আৰচিচি বিল্ডিং বনাই থাকিলোহেতেন ! - assam river bank erosion problem

By ETV Bharat Assamese Team

Published : May 10, 2024, 9:05 AM IST

thumbnail
ভুক্তভোগীৰ মনৰ ভাৱ (etv bharat assam)

ডিব্ৰুগড়, 10 মে’ : ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলত সৃষ্টি হোৱা খহনীয়াই চকুৰ সন্মুখতে লৈ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষি ভূমি । চহৰখনৰ মোহনাঘাটত বৰলুইতৰ খহনীয়াই শংকিত কৰি তুলিছে সকলোকে । মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত উটি গ’ল সপোনৰ ঘৰখন, বিলীন হৈ গ'ল ১৪ টাকৈ বাসগৃহ ।

নিজৰ ঘৰখন হেৰুৱাৰ বেদনা লৈ সামান্য চালিৰ তলতে জীৱন কটাবলগীয়া হৈছে বহু পৰিয়ালে । নিজৰ ঘৰখন হেৰুৱাই মুকলি আকাশৰ তলতে অধ্যয়ন কৰিছে ছাত্ৰ-ছাত্ৰীয়ে । বাৰিষাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত ঘৰ-বাৰী হেৰুৱালে ১৪টা পৰিয়ালে । ডিব্ৰুগড় চহৰত ভয়ংকৰ খহনীয়া সৃষ্টি হোৱাত শংকিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ কাষতে থকা লোকসকল ।

বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ । বাৰিষাৰ পূৰ্বে ডিব্ৰুগড়ৰ মোহনাঘাটত বৰলুইতৰ এই ভয়ংকৰ খহনীয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব নে চৰকাৰ তাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছে । কিয়নো এই বছৰৰ আৰম্ভণিতেই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে জলসম্পদ বিভাগৰ বিষয়াসকলৰ উপস্থিতিত প্ৰায় ৭৫ কোটি টকাৰ প্ৰকল্পৰ কাম শুভাৰম্ভ কৰিছিল ।

এই বৃহৎ পুঁজিৰে মোহনাঘাটত উন্নতমানৰ জিঅ’ বেগ আৰু পাকুৰ্পাইনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও কাম সঠিকভাৱে আগবঢ়া নাই বাবেই নিজৰ আপোন ঘৰখন হেৰুৱাব লগা হৈছে ৰাইজে ।

লগতে পঢ়ক : বাৰিষাৰ পূৰ্বেই ডিব্ৰুগড়ৰ মোহনাঘাটত বৰলুইতত জাহ গৈছে ইটোৰ পিচত সিটো বাসগৃহ - Erosion In Dibrugarh

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.