মুখ্যমন্ত্ৰীক অসমৰ মানুহে বিশ্বাস নকৰে: ভূপেন বৰা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
Published : Apr 26, 2024, 7:12 PM IST
বৰপেটা,২৬ এপ্ৰিল: চাকমা-হাজঙক অসমত সংস্থাপন কৰাৰ যি প্ৰচেষ্টা তাৰ বাবে দুখ প্ৰকাশ কৰিছে কংগ্ৰেছ সভাপতি ভূপেন বৰাই । অমিত শ্বাহে ৫ লাখ চাকমা-হাজং শৰনাৰ্থীক অসমত সংস্থাপন দিব লাগে বুলি মুখ্যমন্ত্ৰীক নিৰ্দেশ দিয়া বুলি ব্যক্ত কৰে ভূপেন বৰাই ৷ মুখ্যমন্ত্ৰীক অসমৰ মানুহে বিশ্বাস নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কিৰেন ৰিজিজু কোনো সাধাৰণ মানুহ নহয়, তেওঁ কেন্দ্ৰীয় মন্ত্ৰী ৷ গতিকে তেওঁ কোৱা কথাৰ প্ৰভাৱ পৰে ।
শ্বহীদৰ তেজৰ বিনিময়ত ৰাজপাট পোৱা অগপই এইক্ষেত্ৰত এতিয়া নিমাত হৈ আছে ৷ অতুল বৰাকে আদি কৰি আঞ্চলিকতাবাদী নেতাই এইক্ষেত্ৰত উত্তৰ দিব লাগিব বুলি তেওঁ দাবী কৰে ৷ কোনো আঞ্চলিক দল বিজেপিৰ লগ হৈ আজিলৈকে জীয়াই থকা নাই বুলি বৰপেটা জিলাৰ কয়াকুছিত এক সংবাদমেল সম্বোধন কৰি ব্যক্ত কৰে ভূপেন বৰাই ৷
লগতে পঢ়ক: ৰাজেন গোঁহাইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পোষকতা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Lok Sabha Election 2024