খাৰুৱা তেলৰ সন্ধানত চলা খননকাৰ্যই বিপাঙত পেলাইছে অসমৰ এখন গাঁৱক - ONGC Vedanta company - ONGC VEDANTA COMPANY
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-05-2024/640-480-21375337-thumbnail-16x9-ongc.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : May 3, 2024, 2:10 PM IST
সৰুপথাৰ, 3 মে’ : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত এম ভি পঞ্চায়তৰ অন্তৰ্গত সোণালী পথাৰত ONGC ৰ বেদান্ত কোম্পানীয়ে খাৰুৱা তেলৰ সন্ধানত খননকাৰ্য চলাবলৈ এটা ৰিগ স্থাপন কৰিছে । কিন্তু বেদান্ত কোম্পানীয়ে স্থাপন কৰা উক্ত ৰিগটোৰ পৰা ওলোৱা শব্দৰ বাবে এতিয়া তীব্ৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছে স্থানীয় গাঁওবাসী ।
ইয়াৰ উপৰিও ৰিগটোলৈ অহা গধূৰ যান-বাহন চলাচল কৰাৰ ফলত পঞ্চায়তে নিৰ্মাণ কৰা পথসমূহত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উক্ত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ সমস্যাৰ সম্মুখীন হৈছে । ইমানেই নহয় ৰিগটোলৈ যোৱা গধূৰ যান-বাহনৰ ফলত বিভিন্ন সময়ত অঞ্চলটোৰ বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি যোৱাত স্থানীয় মহিলাই প্ৰতিবাদ কৰাত বেদান্ত কোম্পানীয়ে একাংশ গুণ্ডা বাহিনী ব্যৱহাৰ কৰি দুৰ্ব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ।
দুৰ্ভাগ্যৰ বিষয় এই যে, যি সময়ত অসম নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাত নিৰপেক্ষ বাহিনী আৰু ধনশিৰি মহকুমা প্ৰশাসনৰ অনুমতি অবিহনে স্থানীয় ৰাইজে এটা পকী খুঁটা দিবলৈ সক্ষম নহয় ঠিক তেনে সময়তে কেনেকৈ বেদান্ত কোম্পানীয়ে এই বৃহৎ উদ্যোগ স্থাপন কৰিছে ৷ এই সমগ্ৰ বিষয়টোৰ ওপৰত হিন্দু জাগৰণ মঞ্চ গোলাঘাট জিলা সমিতিৰ যুটীয়া সম্পাদক চন্দ্ৰ লহকৰ আৰু ধনঞ্জয় ৰায় আৰু ভুক্তভোগী ৰাইজে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰি অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৷
লগতে পঢ়ক : ONGC ৰ পাইপ ফুটি নিৰ্গত গেছ, আতংকিত সোণাৰিবাসী - ONGC GAS Pipe EXPLOSION