বানে কৰিলে সৰ্বস্বান্ত, এতিয়া নাই চিকিৎসাৰ সুব্যৱস্থা : টীয়কবাসীৰ দুৰ্ভোগৰ খবৰ ল’ব কোনে ? - Assam flood 2024

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 6:50 PM IST

thumbnail
বানে কৰিলে সৰ্বস্বান্ত, এতিয়া নাই চিকিৎসাৰ সুব্যৱস্থা (ETV Bharat Assam)

টীয়ক, 18 জুলাই : বান শুকুৱাৰ পিচত বানবিধ্বস্ত এলেকাত নানা ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে ৷ সেই অনুসৰি ৰাজ্যৰ স্বাস্থ্য বিভাগেই হওক অথবা সামাজিক অনুষ্ঠানেই হওক বানপীড়িত এলেকাত স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে ৷ কিন্তু টীয়কৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে এতিয়া চিকিৎসাৰ নামত কেৱল বন দৰৱৰ ওপৰত ভৰসা কৰিবলগীয়া হৈছে ৷

টীয়ক জাঁজীমুখৰ বৰমথাউৰি উপ-স্বাস্থ্য কেন্দ্ৰটো নদীকাষৰীয়া বৃহৎ অঞ্চলটোৰ চিকিৎসাৰ একমাত্ৰ ভৰসা ৷ কিন্তু প্ৰলয়ংকাৰী বানৰ কবলত পৰি স্বাস্থ্যকেন্দ্ৰ চিকিৎসা সেৱাৰ আজিও অনুপযোগী হৈ আছে ।

ইপিনে বাট-পথৰ অৱস্থা অতিশয় শোচনীয় হৈ পৰিল ৷ স্বাস্থ্যকৰ্মী অহাতো দূৰৰে কথা, গাঁওসমূহৰ ৰাইজে পথটোৰে যাবলৈ এশবাৰ ভাবিবলগীয়া হৈছে ৷ আজিও সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হৈ আছে ১০-১২ খন গাঁও ৷ টুলুঙা নাৱেৰে ৰোগীক নিবলগীয়া হৈছে চিকিৎসাৰ বাবে ৷ উক্ত স্বাস্থ্যকেন্দ্ৰটোৰ উন্নয়নৰ বাবে বাৰম্বাৰ ৰাইজে দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে বৃহৎ সমস্যাটো সমাধানৰ ক্ষেত্ৰত আগভাগ লোৱা পৰিলক্ষিত হোৱা নাই ৷ ফলত ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে ৷

লগতে পঢ়ক : বানৰ সমান্তৰালকৈ অসমত এনকেফেলাইটিছৰ সংহাৰ : ২৪ খন জিলাত ১৮৭ জন আক্রান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.