thumbnail

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 4:57 PM IST

ETV Bharat / Videos

বৰপেটাৰোডৰ ডাষ্টবিনত উদ্ধাৰ ময়ূৰ চৰাইৰ মৃতদেহ

বৰপেটাৰোড, ২০ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ বৰপেটাৰোডৰ ডাষ্টবিনত মঙলবাৰে এটি ময়ূৰ চৰাইৰ মৃতদেহ উদ্ধাৰ হয় ৷ জিলাখনৰ বৰপেটাৰোডৰ মূৰী বজাৰত থকা এটা ডাষ্টবিনত ময়ূৰৰ মৃতদেহটো প্ৰত্যক্ষ কৰি জাৱৰ বোটলা এজন লোকে বৰপেটাৰোডৰ ৰে'ল লাইনৰ কাষেৰে কঢ়িয়াই লৈ গৈ আছিল ৷ সেই সময়তে বৰপেটাৰোডৰ ৰে'ল আৰক্ষীয়ে প্ৰত্যক্ষ এই লোকজনক কৰায়ত্ত কৰে ৷ লোকজনক ৰে'ল আৰক্ষীয়ে সোধাপোছা কৰাত লোকজন মানসিক ভাৰসাম্য়হীন বুলি নিশ্চিত হয় ৷  

পাচত বৰপেটাৰোড ৰে'ল আৰক্ষীয়ে বৰপেটাৰোডৰ মানাহ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যালয়ত খবৰ দিয়াত বন বিভাগৰ লোকে মৃতদেহটো লৈ যায় । এই চৰাইটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হ'ব পাৰে বুলিও প্ৰকৃতিপ্ৰেমীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ প্ৰকৃতিপ্ৰেমী লোকসকলে এইবিধ চৰাইৰ সংৰক্ষণৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক:ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবাধে চলিছে আহ-যাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.