thumbnail

কাজিৰঙাত বান কমিলেও এতিয়াও পানীৰ তলত ৭১ টা বন শিবিৰ - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 10:30 PM IST

কাজিৰঙা, ৮ জুলাই: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমি এতিয়াও পানীৰ তলত আছে । বানৰ তাণ্ডৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷ জীৱকূলে ওখ ঠাই বিচাৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে । জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিৰ পৰা পাণবাৰীলৈ পথছোৱাত বনবিভাগৰ নিয়মীয়া টহল আৰু গতি নিয়ন্ত্ৰিত কৰি আধা ঘণ্টাৰ মূৰে মূৰে বাহনৰ চলাচল কৰিবলৈ দিছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২৩৩ টা বন শিবিৰৰ ভিতৰত এতিয়াও ৭১ টা বন শিবিৰ বানপানীৰ কবলত । আনহাতে বানৰ ফলত মৃত্যু হৈছে মুঠ ১৩১ টা বন্যপ্ৰাণীৰ । ইয়াৰে চিকিৎসাধীন অৱস্থাত ২০ টা, পানীত পৰি ১০৮ টা, গাড়ীৰ খুন্দাত ২ টা আৰু অন্যান্য কাৰণত এটা বন্যপ্ৰাণীৰ মৃত্যু হৈছে । এতিয়ালৈকে ৯৭টা বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰে ২৫ টা বন্যপ্ৰাণী চিকিৎসাধীন অৱস্থাত আছে আৰু ৫২ টা বন্যপ্ৰাণী মুকলি কৰি দিয়া হৈছে । 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰখাৰ কথা জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশে ।

লগতে পঢ়ক: এছকৰ্টৰ সহায়ত নিয়ন্ত্ৰিত গতিৰে কাজিৰঙাত যান-বাহন পাৰ কৰাৰ ব্যৱস্থা পৰিবহন বিভাগৰ - Traffic regulated for KNP animals

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.