নাহৰকটীয়াৰ জয়পুৰত পেইন্ট বল খেলৰ অনুশীলন - Naharkatia news
🎬 Watch Now: Feature Video


Published : Jan 27, 2024, 6:16 PM IST
মৰাণ, ২৭ জানুৱাৰী : অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুনকৈ সংযোজন হ'ল পেইন্ট বল । বৰ্তমান বিদেশত এই পেইন্ট বল খেলাৰ সমাদৰ যথেষ্ট বৃদ্ধি পাইছে । বিশেষকৈ নতুন প্ৰজন্ম এই খেলবিধৰ প্ৰতি অধিক আকৰ্ষিত হৈছে । সেয়ে অসমত প্ৰথমবাৰৰ বাবে জয়পুৰত নিৰ্মাণ হৈছে পেইন্ট বলৰ এখন স্থায়ী ক্ষেত্ৰ । বহিঃৰাষ্ট্ৰৰ অতিকৈ জনপ্ৰিয় এই পেইন্ট বল খেলৰ সুবিধা অসমত সৃষ্টিৰ বাবে অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে আগভাগ লৈছে ।
নাহৰকটীয়াৰ জয়পুৰৰ বন বিভাগৰ পৰিদৰ্শন বঙলাৰ কাষত শুক্ৰবাৰে নাহৰকটীয়াৰ বিধায়কৰ তৰংগ গগৈৰ প্ৰচেষ্টাত চলিল এই পেইন্ট বল খেলৰ অনুশীলন । উল্লেখ্য যে বিধায়ক তৰংগ গগৈৰ প্ৰচেষ্টাত অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে পেইন্ট বলৰ এখন স্থায়ী ক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে । এতিয়াৰে পৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অথবা ঐতিহাসিক তিপাম পৰিদৰ্শনৰ বাবে অহা পৰ্যটক সকলে অতি শীঘ্ৰেই লাভ কৰিব এই পেইন্ট বল খেলাৰ সুবিধা । জয়পুৰ ফৰেষ্ট পাৰ্কৰ সমীপত শীঘ্ৰেই সম্পূৰ্ণ হৈ উঠিব পেইন্ট বলৰ গ্ৰাউণ্ড ।
লগতে পঢ়ক:ৰাজ্যজুৰি ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন