লখৰাত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন - Road accident in Lokhra - ROAD ACCIDENT IN LOKHRA
🎬 Watch Now: Feature Video


Published : Mar 25, 2024, 8:28 AM IST
|Updated : Mar 25, 2024, 9:12 AM IST
গুৱাহাটী, 25 মাৰ্চ : ক্ৰমাৎ যেন কিলাৰ হাইৱেলৈ পৰিণত হৈছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ । জালুকবাৰীৰ পৰা খানাপাৰালৈ ছয়খনকৈ উৰণ সেতু মুকলি কৰি দিয়াৰ পিচতে যান-বাহনৰ গতিবেগ অত্যধিক হোৱাৰ ফলতে প্ৰতিদিনে সংঘটিত হৈছে এটাৰ পিচত আন এটা দুৰ্ঘটনা । দেওবাৰে পুনৰ মহানগৰীৰ লখৰাৰ লালুংগাঁৱত সংঘটিত হয় দুৰ্ঘটনা ।
অসম ৰাজ্যিক পৰিবহন বিভাগৰ এখন ইলেকট্ৰিক বাছৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা । জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হ’বলৈ বিচৰা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ৷ তীব্ৰ বেগত অহা AS 20 2349 নম্বৰৰ বাছখনৰ খুন্দাত থিতাতে নিহত হয় মহিলাগৰাকী । ফলত ছিন্ন-ভিন্ন হৈ পৰে মহিলাগৰাকীৰ শৰীৰৰ অংগ ।
ইয়াৰ পিচতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় গড়চুক আৰক্ষী । আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰে । বাতৰি যুগুত কৰা পৰ্যন্ত নিহত হোৱা মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷
লগতে পঢ়ক : খানাপাৰাত CNG বাছে মহতিয়াই নিলে ৰৈ থকা অট’: এজন নিহত