মৰঙীত অঘটন : দৈগ্ৰোঙ নদী পাৰ হওঁতেই সন্ধানহীন এজন লোক - Missing in River

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 10:03 PM IST

thumbnail
দীৰ বুকুত সন্ধানহীন এজন (ETV Bharat Assam)

গোলাঘাট, 20 জুলাই : গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত মুৰফুলনীত অঘটন ৷ মাছ মাৰিবলৈ গৈ দৈগ্ৰোঙ নৈ পাৰ হ'বলৈ যাওঁতে নদীৰ বুকুত সন্ধানহীন হয় এজন লোক ৷ সন্ধানহীন হোৱা লোকজনৰ নাম মেমেৰা গগৈ বুলি জানিব পৰা গৈছে ৷ সন্ধানহীন ব্যক্তিজনৰ ঘৰ 1 নং মুৰফুলনীত ৷  

ঘটনা সন্দৰ্ভত স্থানীয় লোকে বগীজান থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হয় ৷ পৰৱৰ্তী সময়ত গোলাঘাটৰ পৰা এন ডি আৰ এফ উপস্থিত হৈ সন্ধানহীন হোৱা লোকজনক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে ৷ কিন্তু বৰ্তমানলৈকে ব্যক্তিজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ৷

স্থানীয় এজন প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে সন্ধানহীন হোৱা লোকজনক বাৰম্বাৰ নৈৰ বুকুত নামিবলৈ মানা কৰিছিল যদিও তেওঁ কোনো গুৰুত্ব আৰোপ নকৰি নৈ পাৰ হ'বলৈ চেষ্টা কৰে ৷ প্ৰত্যক্ষদৰ্শীজনে ব্যক্তিজনক নৈৰ বুকুত উটি যোৱা নিজ চকুৰে প্ৰত্যক্ষ কৰে ৷ উল্লেখ্য যে ধাৰাবাহিক বৰষুণৰ ফলত বৰ্তমান জিলাখনৰ সকলো নদীৰ জলস্তৰ বৃদ্ধি হৈ আছে ৷ জিলা প্ৰশাসনে প্ৰয়োজন নহ'লে নৈৰ কাষলৈ যাবলৈ সতৰ্ক কৰি আহিছে যদিও একাংশ লোকে প্ৰশাসনৰ সতৰ্কবাণীৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰা পৰিলক্ষিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৷

লগতে পঢ়ক : এটা দম্পতীয়ে বচালে ২১ গৰাকীৰ প্ৰাণ : ভগৱানৰ ৰূপত কোন এই দম্পতী ? - Couple Became Heroes

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.