হেঙেৰাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাবে আহত এজন লোক - প্রতীক্ষা হাস্পতাল
🎬 Watch Now: Feature Video


Published : Feb 12, 2024, 6:46 AM IST
গুৱাহাটী, 12 ফেব্ৰুৱাৰী: মহানগৰীৰ হেঙেৰাবাৰীৰ কালীমন্দিৰত ভয়ংকৰ দুৰ্ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাবে আহত হ’ল এজন ব্যক্তি । আহত ব্যক্তিজনৰ নাম মহেন্দ্ৰ শইকীয়া বুলি জানিবলৈ পৰা গৈছে ।
কলগছ কাটি থাকোতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয় বুলি ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ 33 হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মহেন্দ্ৰ শইকীয়া নামৰ লোকজন যথেষ্ট পৰিমাণে আহত হয় । লগে লগে লোকজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
প্রতীক্ষা হাস্পতালৰ সমীপৰ নিবাসী মহেন্দ্ৰ শইকীয়া নামৰ ব্যক্তিজনে বৌৱেকৰ ঘৰলৈ আহিছিল । পৰৱৰ্তী সময়ত ঘৰটোৰ প্ৰৱেশ পথত থকা কলগছ এডাল কাটিবলৈ যাওঁতে সংঘটিত হয় দুৰ্ঘটনাটো । ঘটনাস্থলীত দিছপুৰ আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে ।
লগতে পঢ়ক: এটা ষাঁড় গৰু হত্যাৰ অপৰাধত পাঁচজনক গ্ৰেপ্তাৰ; জব্দ ট্ৰেক্টৰ