ৰে’লে মহতিয়ালে এল্ট’ বাহন: থিতাতে নিহত চালক - ৰে’ল দুৰ্ঘটনা
🎬 Watch Now: Feature Video
Published : Feb 17, 2024, 10:44 PM IST
জোনাই, ১৭ ফেব্ৰুৱাৰী : জোনাইৰ ৰায়াঙত শনিবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত ৰঙিয়াৰ পৰা উজনিমুৱা ৰে’লে মহতিয়ালে এখন এল্ট’ বাহন । দুৰ্ঘটনাত থিতাতে নিহত হয় এল্ট’ বাহনখনত থকা চালকজন । জানিব পৰা মতে ৰায়াঙৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত ৰায়াংস্থিত ৰে’ল লাইন পাৰ হ'বলৈ লওঁতেই উজনিমুৱা তীব্ৰবেগী ৰে’লখনে প্ৰায় ২০০ মিটাৰ পৰ্যন্ত মহতিয়াই লৈ যায় বাহনখন । যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় চালকজন ।
নিহত লোকজন জোনাইৰ মেডেলা গাঁৱৰ জোনাই বিদ্যুৎ বিভাগত কৰ্মৰত অৰূপ ওৰফে মইনা সোণোৱাল বুলি জানিব পৰা গৈছে । লোকজনৰ মৃত্যুৰ ঘটনাই সমগ্ৰ জোনাইত শোকৰ ছাঁ পেলাইছে । দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS 06 AG 6690 ৷ উল্লেখ্য যে, সেই স্থানত ৰে’ল গেট নিৰ্মাণৰ বাবে ৰাইজে বহুদিন ধৰি দাবী জনাই আহিছিল যদিও ৰে’ল কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে তেওঁলোকে ৷ আজিৰ ঘটনাৰ পিচতে ঘটনাস্থলীত ৰাইজে উপস্থিত হৈ অতি শীঘ্ৰে ৰে’লৱে গেট নিৰ্মাণৰ বাবে দাবী তোলে ।
লগতে পঢ়ক : ৰে’লে মহতিয়াই নিলে মালবাহী অটো