নাৰায়ণপুৰত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 3:11 PM IST

thumbnail

বিহপুৰীয়া,১৬ মাৰ্চ: পুনৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ দোৰপাঙত নিশা বন্যহস্তীৰ সন্ত্ৰাস । অৰুণাচল পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে ঘৰৰ ভিতৰতে গচকি মাৰিলে এজন লোকক । মৃত লোকজনৰ নাম ডিম্বেশ্বৰ ফুকন বুলি জানিব পৰা গৈছে । বনৰীয়া হাতীটোৱে প্ৰথমে ২ নং গৰুবন্ধা গাঁৱৰ বিপিন ফুকনৰ ঘৰত প্ৰৱেশ কৰি ভড়াঁল ভাঙি লণ্ড-ভণ্ড কৰে । পৰৱৰ্তী সময়ত সমীপৰ ডিম্বেশ্বৰ ফুকনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মাতৃ-পত্নীৰ সন্মুখতে গছকি মাৰে দুৰ্ভগীয়া লোকজনক ।  

নিশাই স্থানীয় লোকে বন বিভাগ যোগাযোগ কৰিছিল যদিও কোনো সুদুত্তৰ লাভ নকৰিলে । পৰৱৰ্তী সময়তো বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ । উপায়হীন হৈ জুই জ্বলাই হাতীটো খেদিবলৈ চেষ্টা চলাই ৰাইজে । কেৱল দোৰপাং কোৱেৰিৰ পৰা শিল-বালি সৰবৰাহ কৰা অবৈধ ট্ৰেক্টৰ-ডাম্পাৰৰ পৰা কমিচন সংগ্ৰহ কৰিবলৈ অহা বনবিভাগৰ লোকে সাধাৰণ জনতাক সুৰক্ষা প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ ৰাইজৰ ।  

লগতে পঢ়ক: ফটো তুলি নিলে, অকল আশাটো দিলে : কিন্তু একোকে নিদিলে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.